
জমা হৈছে গোচৰৰ পাহাৰ। ১০ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে ৮৫৩ জন লোক। তেওঁলোকৰ আবেদন ওলমি আছে। সোমবাৰে এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ চৰকাৰ আৰু উচ্চ ন্যায়ালয়, উভয় পক্ষকে দোষ দিয়ে উচ্চতম ন্যায়ালয়ে।
আনকি ন্যায়াধীশ সঞ্জয় কৌল আৰু ন্যায়াধীশ এম এম সুন্দ্ৰেশেৰ বিচাৰপীঠত কয় যে শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা লʼবলৈ বাধ্য হʼব।
উল্লেখ্য, বিগত ১২ বছৰে উত্তৰ প্ৰদেশৰ কাৰাগাৰত বন্দী হৈ আছিল চুলেমান। এলাহাবাদ উচ্চ ন্যায়ালয়ত একাধিকবাৰ শুনানিৰ বাবে আবেদন কৰাৰ পিছতো চুলেমানৰ পৰিয়ালে তাৰিখ নোপোৱাত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
এই গোচৰৰ শুনানিৰ সময়ত উত্তৰ প্ৰদেশৰ ন্যায়পালিকা আৰু চৰকাৰৰ ভূমিকাক সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ কৌলৰ এখন বিচাৰপীঠৰ পৰ্য্যবেক্ষণ, “চৰকাৰ (উত্তৰ প্ৰদেশ) আৰু উচ্চ ন্যায়ালয়ৰ এটা সমস্যা লক্ষ্য কৰিছোঁ। কাকো অনিৰ্দিষ্টকাললৈ কাৰাগাৰত বন্দী কৰিব ৰাখিব নোৱাৰে!”
ইয়াৰ পূৰ্বে যোৱা ৯ মেʼত উত্তৰ প্ৰদেশ চৰকাৰ আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে ৩৫০ জন কয়দীৰ আপীলৰ শুনানি এতিয়াও হোৱা নাই। কিন্তু তেওঁলোকৰ গোচৰ ১০ বছৰ ধৰি চলি আছে। ১৫ বছৰৰ পৰা বন্দী হৈ আছে ১৫৯ জন। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত এনেধৰণৰ কিমানটা গোচৰ চলি আছে তাৰ তথ্য জানিব বিচাৰিছে।
নিৰ্দেশ অনুসৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ক এটা ষ্টেটাছ ৰিপোৰ্ট দিয়ে। তাত কোৱা হৈছে যে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ১৭ জুলাইৰ ভিতৰত ৬২ জন কয়দীৰ জামিন আবেদনৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই সময়ছোৱাত ২৩২ খন নতুন জামিন আবেদন দাখিল কৰা হৈছে।
সোমবাৰে উচ্চতম ন্যায়ালয়ে যোগী ৰাজ্যক এই আটাইকেইটা অপৰাধমূলক গোচৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়ে। বিশেষ পৰিস্থিতিৰ সৃষ্টি নহʼলে সকলো কয়দীক জামিনত মুকলি কৰি দিব লাগে বুলিও উচ্চতম ন্যায়ালয়ে কয়৷











