
আজি দেশজুৰি পালন হয় কাৰ্গিল বিজয় দিৱস। সেই উপলক্ষে শ্ৰীনগৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস। সকলোতকৈ বিশাল আয়োজন হয় লাডাখৰ দ্ৰাছ অঞ্চলত। ভাৰতীয় সেনাই শ্ৰীনগৰত কাৰ্গিল যুদ্ধৰ সময়ত নিহত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আয়োজন কৰে এই অনুষ্ঠানৰ।
উল্লেখ্য, দ্ৰাছৰ যুদ্ধ স্মাৰকত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কাৰ্গিল যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাবাহিনীৰ স্মৰণত দেশপ্ৰেমৰ বিষয়বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে।
আনহাতে, কোনো ধৰণৰ বিক্ষিপ্ত পৰিস্থিতি এৰাই চলিবলৈ সাৱধানতামূলক পদক্ষেপ হিচাবে এই সমগ্র কাৰ্যসূচী নিৰীক্ষণ কৰা হয় ড্ৰোণৰ দ্বাৰা। শ্ৰীনগৰৰৰ কেন্দ্ৰ লাল চকত এক সাংস্কৃতিক কাৰ্যসূচীৰ দ্বাৰা বিজয় দিৱসৰ সামৰণি পৰে।
উল্লেখ্য যে, ১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতীয় সেনাই লাডাখৰ কাৰ্গিলত প্ৰায় তিনি মাহ ধৰি চলি থকা যুঁজৰ অন্তত “অপাৰেচন বিজয়”ৰ সফল সমাপ্তি ঘোষণা কৰে। ভাৰতৰ বিজয়ক স্মৰণ কৰিবলৈ এই দিনটো ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয়। প্ৰায় তিনি মাহ ধৰি চলি থকা কাৰ্গিল যুদ্ধৰ সময়ত ৫২৭ গৰাকী ভাৰতীয় সৈনিক নিহত হোৱাৰ বিপৰীতে ১,৩৬৩ গৰাকী সৈনিক আহত হৈছিল।
উল্লেখ্য, ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয় ধ্বজা। তেতিয়াৰে পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ।
জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত ‘ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক কল্যাণ অসমৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক স্মৰণ কৰি ‘অমৰ জোৱান’ত পুষ্পাঞ্জলি অৰ্পণ কৰে ।
উল্লেখ্য, কাৰ্গিল যুদ্ধত অসমৰ তিনিগৰাকী বীৰ জোৱানে প্ৰাণ আহুতি দিছিল। তেওঁলোক হৈছে কেপ্টেইন জিন্তু গগৈ, উদ্ধৱ দাস আৰু হাবিলদাৰ এন সিংহ। ১৯৯৯ চনত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে হোৱা প্ৰায় ৬৭ দিনীয়া এই যুদ্ধত অসমৰ তিনিজনকে ধৰি দেশৰ ৬৭৬ জন জোৱান শ্বহীদ হৈছিল। অসমৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত বিগত ২০১৮ চনৰে পৰা দীঘলীপুখুৰীৰ পাৰত কাৰ্গিল বিজয় দিৱস আয়োজন কৰি অহা হৈছে।











