![]()
২৬ জুলাইৰ দিনটো প্ৰতি বছৰে “কাৰ্গিল বিজয় দিৱস” হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ এই দিনটোতে পাকিস্তানৰ বিৰুদ্ধে হোৱা ভয়ংকৰ কাৰ্গিল যুদ্ধত ভাৰতীয় সেনা সফল হৈছিল। এই যুদ্ধত পাঁচটা গুলী বুকুত লৈও দেশৰ বাবে ৰৈ নোযোৱাকৈ যুঁজ দিয়া এজন হিৰোৰ কাহিনী ক’ব খোজা হৈছে।
তেওঁৰ নাম হৈছে কোব্ৰা দিগেন্দ্ৰ কুমাৰ। যাৰ বাবে দিগেন্দ্ৰ কুমাৰক ৩০ বছৰ বয়সত দেশৰ দ্বিতীয় সৰ্বোচ্চ বীৰত্ব বঁটা মহাবীৰ চক্ৰ প্ৰদান কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে।কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ নিজ দলৰ সহযোগত ৪৮ জন পাকিস্তানী সৈন্যক হত্যা কৰি পাঁচটা গুলী বুকু পাতি লৈও পাকিস্তানী মেজৰৰ শিৰচ্ছেদ কৰি টোলোলিং শৃংগ জয় কৰি ত্ৰিৰংগা উত্তোলন কৰিছিল আৰু দেশক এক বৃহৎ জয় প্ৰদান কৰিছিল।
ৰাজস্থানৰ ছিকাৰ জিলাৰ নিমকাথানা তহচিলৰ এখন গাঁৱৰ জাঠ পৰিয়ালত জন্মগ্ৰহণ কৰা দিগেন্দ্ৰ সৰুৰে পৰা সামৰিক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ ককাক এজন স্বাধীনতা সংগ্ৰামী আৰু দেউতাক ভাৰতীয় সেনাৰ এজন সাহসী জোৱান আছিল।
১৯৪৭-৪৮ চনৰ যুদ্ধৰ সময়ত দিগেন্দ্ৰৰ পিতৃ শিৱদন সিঙে দেহত ১১টা গুলী খাইছিল। তথাপিও তেওঁ হাৰ মনা নাছিল। তেনে ক্ষেত্ৰত পিতৃৰ পৰা অনুপ্ৰাণিত হৈ দিগেন্দ্ৰ কুমাৰে ২নং ৰাজপুতনা ৰাইফলছত যোগদান কৰে।
ইফালে, ১৯৮৫ চনত ৰাজপুতনা ৰাইফলছত যোগদান কৰাৰ দুবছৰৰ পাছত শ্ৰীলংকাৰ অৰণ্যত তামিল টাইগাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ দিগেন্দ্ৰ কুমাৰক ভাৰতীয় শান্তি ৰক্ষা বাহিনীলৈ পঠিওৱা হয়। সেই অভিযানৰ সময়ত দিগেন্দ্ৰই এদিনতে সন্ত্ৰাসবাদীক হত্যা কৰি শত্ৰুৰ গোলাবাৰুদৰ ডিপো ধ্বংস কৰে আৰু পেৰাট্ৰুপাৰসকলক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰে।
মূলতঃ তেওঁ নিজৰ জেনেৰেলৰ সৈতে গাড়ীত উঠি যোৱাৰ সময়ত এলটিটিইৰ কিছুমান সন্ত্ৰাসবাদীয়ে জেনেৰেলৰ গাড়ীখনৰ ওপৰত গ্ৰেণেড নিক্ষেপ কৰে আৰু তেতিয়াই দিগেন্দ্ৰই গ্ৰেনেডটো ধৰি সন্ত্ৰাসবাদীৰ ফালে দলিয়াই দিয়ে ৷
কেইবছৰমানৰ পিছত তেওঁক কাশ্মীৰৰ কুপৱাৰালৈ পঠিওৱা হয়। তাতো তেওঁ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। লগতে এলেকাৰ সেনাধ্যক্ষ তথা উগ্ৰপন্থী মজিদ খানক হত্যা কৰে। প্ৰায় এবছৰৰ পাছত ১৯৯৩ চনত হজৰতবাল দৰগাহক সন্ত্ৰাসবাদীৰ পৰা মুক্ত কৰাত দিগেন্দ্ৰ কুমাৰে যথেষ্ট সহায় কৰিছিল।
যাৰ বাবে তেওঁ উচ্চ প্ৰশংসা লাভ কৰিছিল। কিন্তু এই সকলোবোৰ আছিল দিগেন্দ্ৰৰ বাবে সৰু সৰু কৃতিত্ব। বৰঞ্চ এই সাহসী আৰু নিৰ্ভীক যোদ্ধাগৰাকীয়ে নিজৰ মাতৃভূমিৰ বাবে কিবা এটা মহান কাম কৰিব বিচাৰিছিল। আৰু সেই সুযোগ তেওঁ পাইছিল।
১৯৯৯ চনলৈকে দিগেন্দ্ৰ কুমাৰ ওৰফে কোব্ৰাক সেনাবাহিনীৰ অন্যতম শ্ৰেষ্ঠ কামাণ্ডো হিচাপে গণ্য কৰা হৈছিল। সেই বছৰৰ ১৩ জুনত যি ঘটিছিল, সেইখিনিয়ে দিগেন্দ্ৰ কুমাৰক স্মৰণীয় কৰি তুলিছিল। তেওঁ ১৫ হাজাৰ ফুট উচ্চতাত টোলোলিঙৰ শীৰ্ষত উপনীত হৈছিল। লগতে তাত ত্ৰিৰংগা উত্তোলন কৰি ভাৰতে প্ৰথমটো ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছিল।
এই অভিযানৰ সময়ত তেওঁক পাঁচটা গুলীয়ে আঘাত কৰে যদিও তেওঁ ৰৈ নাথাকে। বৰং তেওঁ লক্ষ্যৰ দিশে আগবাঢ়ি গৈ বিজয় সাধন কৰিলে।
তদানীন্তন সেনা প্ৰধান জেনেৰেল মালিকে পৰিকল্পনাটো জানিব বিচাৰিছিল ৷
কাৰ্গিল যুদ্ধ আৰম্ভ হোৱাৰ পিছত দিগেন্দ্ৰৰ ইউনিট ২ ৰাজপুতনা ৰাইফলছক ২৪ ঘণ্টাৰ ভিতৰত কুপোৱাৰাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয় আৰু ২৪ ঘণ্টাৰ ভিতৰত যুদ্ধক্ষেত্ৰ দখল কৰিবলৈ সাজু হ’বলৈ নিৰ্দেশ দিয়া হয়। এই সন্দৰ্ভত তদানীন্তন সেনা প্ৰধান জেনেৰেল ভি পি মালিকে এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত কৰে। তাতেই দিগেন্দ্ৰ কুমাৰে তেওঁক শিখৰ বগাই যোৱাৰ পৰিকল্পনা বুজাই দিলে।
দিগেন্দ্ৰক দলটোৰ কামাণ্ডাৰ আৰু জেনেৰেল মালিকৰ নিৰ্দেশ অনুসৰি মেজৰ বিবেক গুপ্তাক কমাণ্ডিং অফিচাৰ হিচাপে নিযুক্তি দিয়া হয়। ১২ জুনত শীতৰ ঠাণ্ডাক আওকাণ কৰি ৰাতিৰ নিস্তব্ধতাত বৰফৰ পাহাৰ বগাইছিল। তাত পাকিস্তানী সৈন্যই ১১টা বাংকাৰ নিৰ্মাণ কৰিছিল। যাৰ ভিতৰত দিগেন্দ্ৰ কুমাৰে প্ৰথম আৰু শেষ বাংকাৰটো উৰুৱাই দিয়ে ৷
শীৰ্ষস্থান দখল কৰাটো সহজ নাছিল যদিও প্ৰথম বাংকাৰটো উৰুৱাই নিশাৰ আন্ধাৰত দিগেন্দ্ৰই শত্ৰুৰ বাংকাৰত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ সেই সময়ত তেওঁক চাৰিবাৰকৈ গুলীওৱা হৈছিল। সেই সময়ত সতীৰ্থসকলৰ সুৰক্ষাৰ কথা ভাবি আহত দিগেন্দ্ৰই লগে লগে সেই বাংকাৰটোত এটা গ্ৰেনেড নিক্ষেপ কৰে।
তাৰ পিছত পিছফালৰ পৰা এম্বুছত কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হয়। তাৰ পিছত তেওঁৰ দলটোৱে সেই ৩০ জন আক্ৰমণকাৰীক হত্যা কৰে।
আনহাতে দিগেন্দ্ৰই একাংশ জোৱানৰ সহায়ত ষ্টেৰইডযুক্ত বিষনাশক ঔষধৰ বেজী ব্যৱহাৰ কৰে ৷ তাৰ পিছত দিগেন্দ্ৰ আৰু তেওঁৰ দলটোৱে সমগ্ৰ ১১টা বাংকাৰ ধ্বংস কৰি পেলায়। ইফালে, পুৱাৰ ভাগত তেওঁৰ সহায়ক চৰ্দাৰ সুমেৰ সিং ৰাথোৰকো গুলীয়াই হত্যা কৰা হয়।
এনে অৱস্থাত দিগেন্দ্ৰই নিজৰ এল এম জি লৈ পাহাৰৰ ফালে আগবাঢ়ি গৈ আছিল, তেতিয়াই পাকিস্তানী সেনাৰ মেজৰ আনোৱাৰ খানক দেখা পালে। সেই সময়ত গুলীয়াগুলীৰ মাজতে দিগেন্দ্ৰৰ গাত পুনৰ গুলী লাগে যদিও আনোৱাৰৰ ডিঙিত ধৰি কটাৰী এখন উলিয়াই আনোৱাৰক হত্যা কৰে।
১৯৯৯ চনৰ ১৩ জুন তাৰিখে ৰাতিপুৱা ৪.৩০ বাজিছিল। টলোলিংৰ ওপৰত গৌৰৱেৰে উৰি আছিল ত্ৰিৰংগা। কিন্তু গুৰুতৰভাৱে আহত হোৱা দিগেন্দ্ৰক চিকিৎসালয়ত ভৰ্তি কৰিবলগা হৈছিল। এনে অৱস্থাত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দিগেন্দ্ৰক এই মহান সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি কয়, “বাহ মোৰ কলিযুগৰ পুত্ৰ ভীমা, আপুনি ৪৮ জন লোকক হত্যা কৰিছে।
আৰু দুটা মাৰিলে ইয়াক অৰ্ধশতক হৈ গ’লহেঁতেন।” কিন্তু তাৰ পিছত আৰু দুই-তিনি বছৰলৈ দিগেন্দ্ৰ কুমাৰৰ চিকিৎসা চলি থাকিল আৰু পিছত তেওঁক “অযোগ্য” বুলি ঘোষণা কৰাত সেনাবাহিনীৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে ৷ তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰেও তেওঁক মহাবীৰ চক্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷











