
মাহেকীয়া বিদ্যুতৰ বিল কিমান টকা আহিব পাৰে এখন ঘৰলৈ? যদিও এই উত্তৰ প্ৰতিজন ব্যক্তিৰ বাবে বেলেগ বেলেগ, তথাপিও কোনেও বিশ্বাস নকৰিব যে এটা ঘৰৰ মাহিলী বিদ্যুতৰ বিল ৩৪১৯ কোটি! আপুনি আচৰিত হৈছেনে? ঠিক এনেকৈয়ে ঘৰৰ মালিকজনো আচৰিত হৈ পৰে।
তাৰ পিছতেই তেওঁক পোনপটীয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হয় এই ঘটনা। জুলাই মাহত গোৱালিয়ৰৰ শিৱবিহাৰ কলনীৰ বাসিন্দা প্ৰিয়ংকা গুপ্তাৰ জুলাই মাহত বিদ্যুতৰ বিল দেখি সকলোৱে মুখ মেলি দিছিল। তাতকৈ এখোজ আগুৱাই গৈ বিদ্যুতৰ বিল দেখি অসুস্থ হৈ পৰে প্ৰিয়ংকাৰ বৃদ্ধ শহুৰেক। এনে অৱস্থা হ’ল যে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।
পিতৃৰ অসুস্থতাৰ বাবে প্ৰিয়ংকা গুপ্তাৰ স্বামী সঞ্জীৱ গুপ্তাই ৰাজ্যৰ শক্তি বিভাগৰ ওপৰত আঙুলি তোলে। এই বিশাল বিদ্যুতৰ বিল দেখি কোনেও বিশ্বাস কৰিব নোৱাৰে যে এয়া এখন ঘৰৰ বিল। এই খবৰটো পোৱাৰ পিছতে কঁপি উঠিছে মধ্যপ্ৰদেশৰ মধ্যক্ষেত্ৰ শক্তি বিতৰণ কোম্পানী। যিটো বিদ্যুৎ বিভাগৰ এটা ডাঙৰ ভুল। বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এনে হৈছে।











