
সমগ্ৰ ভাৰতৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰ শক্তি মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে ভাৰতৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ স্বৰূপে আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৰ পশ্চিম তাৰালাংচৰ লংকি ৰংহাঙ গাঁৱত এপিডিচিএলৰ উদ্যোগত উজলা ভাৰত উজলা ভৱিষ্যত শীৰ্ষক এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷
বিদ্যুৎৰ পোহৰ নেদেখা গাঁওখনত নতুনকৈ ভাৰত চৰকাৰৰ বিদ্যুৎৰ বিভিন্ন আঁচনিৰ অধীনত সম্পূৰ্ণ বৈদ্যুতিকৰণ হোৱা গাঁওখনৰ ৰাইজৰ উপস্থিতিত এই অনুষ্ঠান সম্পন্ন কৰা হয় ৷ সভাত উপস্থিত থাকে স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙ, স্থানীয় এমএচি জনি তিমুঙ, কাৰবি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথ, অতিৰিক্ত উপায়ুক্ত ৰাজেছন তেৰাঙ, এপিডিচিএলৰ কাৰবি আংলঙৰ সহকাৰী পৰিচালক পাৰ্থ বৰা, নডেল বিষয়া নৱ কমল বৰা আৰুসগাওঁখনৰ গাওঁবুঢ়া সমন্বিতেসগণ্যমান্য ব্যক্তি সকল ৷
নিজৰ ভাংসৃষণ প্ৰসংগত বিধায়ক বিদ্যাছিং ইংলেঙে কয়যে, গাঁৱে-ভূঁঞে বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰৰ ‘উজলা ভাৰত উজ্লা ভৱিংষ্যত’ৰ জৰিয়ত সজাগতা সৃষ্টি কৰাৰ বাবে সংকল্প লৈছে ৷ আনহাতে সমাগত স্বাধীনতা দিৱসত প্ৰতিখন ঘৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ বাবেও ৰাইজৰসপ্ৰতি আহ্বান জনাইছেলবিধায়ক গৰাকীয়ে ৷
আনহাতে জিলা উপায়ুক্ত দিবাকৰ নাথে নিজৰ সাৰুৱা ভাষণৰ জৰিয়তে কয়যে বিদ্যুত বিভাগে জিলাখনৰ বিভিন্ন কাৰ্যালয় প্ৰতিষ্ঠান, সীমান্ত এলেকাত সৌৰশক্তিৰ ব্যৱস্থা, সম্পূৰ্ণ বৈদ্যুতি কৰণ কৰাৰ লগতে বিদ্যুৎ নিয়মীয়া কৰণ কৰাৰ সুব্যৱস্থা কৰিব লাগে বুলি অনুৰোধ জনায় ৷ সৌৰ সক্তিৰ ব্যৱহাৰ কৰিও বিদ্যুৎৰ নাটনি পুৰাবলৈ আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ৷
ইয়াৰোপৰি এপিডিচিএল কাৰবি আংলঙৰ সহকাৰী পৰিচালক পাৰ্থ বৰাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ স্বৰূপে বিদ্যুৎ বিভাগৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ সন্দৰ্ভত ৰাইজক সজাগলকৰাৰ বাবে উজলা ভাৰত উজলা ভৱিষ্যত কাৰ্যসূচীসগ্ৰহণ কৰা হৈছে ৷












