![]()
ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেলত কম্পনৰ পৰিমাণ আছিল ৭.১। প্ৰবল ভূমিকম্পই বৃহৎ অঞ্চলত ক্ষতিসাধন কৰে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ বাতৰি অনুসৰি বুধবাৰে দেশখনৰ লুজন দ্বীপত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, বুধবাৰে পুৱা স্থানীয় সময় অনুসৰি ৰাজধানী মেনিলাকে ধৰি বহু অঞ্চলত প্ৰবল কম্পন অনুভৱ কৰা হয়। আব্ৰা প্ৰদেশৰ ডোলৰেছ চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দক্ষিণ-পূবে ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। ইয়াৰ গভীৰতা আছিল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত।
ভূমিকম্পত ক্ষয়-ক্ষতি, গুৰুতৰভাৱে আহত হোৱা বা জীৱন হেৰুওৱাৰ খবৰ তাৎক্ষণিকভাৱে পোৱা হোৱা নাই।আব্ৰা প্ৰদেশৰ এখন চিকিৎসালয় ভূমিকম্পত আংশিকভাৱে ভাঙি পৰাৰ পিছতে খালী কৰা হৈছে বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে। অৱশ্যে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
আব্ৰা প্ৰদেশৰ লাগাংগিলাঙৰ মেয়ৰ ৰোভলিন ভিলামৰে কয়, “আমি এতিয়াও আতংক অনুভৱ কৰি আছো। ঘৰৰ ক্ষয়-ক্ষতিৰ খবৰ আমাৰ হাতত পৰিছে। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহত হোৱা নাই। আমাৰ বিদ্যুৎ যোগানো বন্ধ হৈ আছে। কাৰণ বিপদৰ সময়ত ই স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায়।”
ফিলিপাইনছৰ উত্তৰ প্ৰদেশ ইলোকোছ ছুৰ কংগ্ৰেছমেন এৰিক চিংছন ডিজেএমএম ৰেডিঅ’ ষ্টেচনত কয়, “ভূমিকম্পটো প্ৰবলভাৱে অনুভৱ কৰা হৈছিল। ৩০ ছেকেণ্ড বা তাতোকৈ অধিক সময় ধৰি চলিছিল। মই ভাবিছিলো মোৰ ঘৰটো হয়তো ভাঙি যাব। এতিয়া আমি মানুহৰ কাষ চাপিবলৈ চেষ্টা কৰিছো। এতিয়াও আতংক আছে, গতিকে আমি ঘৰৰ বাহিৰত আছো।”











