![]()
পাকিস্তানী মহিলাৰ প্ৰেমৰ জালত পৰি ভাৰতৰ সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ২৪ বছৰীয়া ভাৰতীয় সেনা শান্তিময় ৰাণা। ১৯২৩ চনৰ চৰকাৰী গোপনীয়তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বাগুণ্ডা জিলাৰ কাঞ্চনপুৰ গাঁৱৰ নিবাসী জয়পুৰৰ আৰ্টাৰী ইউনিটত নিযুক্তিপ্ৰাপ্ত ৰাণাক।
চোৰাংচোৱা শাখাই কয় যে, ছ’চিয়েল মিডিয়াত প্ৰথম সেনা জোৱান জনৰ সৈতে চিনাকী হৈছিল পাকিস্তানৰ এজেণ্ট গুৰনৌৰ কৌৰ ওৰফে অংকিতা আৰু নিশাই। সামাজিক মাধ্যমযোগে চিনাকি হোৱাৰ পিছতে ৰানাৰ নম্বৰ লৈ পাকিস্তানী মহিলা চোৰাংচোৱা দুগৰাকীয়ে। ৰানাৰ সৈতে হোৱাটছএপত কথা পতা আৰম্ভ কৰিছিল।
পাকিস্তানী যুৱতী দুগৰাকীয়ে প্ৰথমে ভাৰতীয় জোৱান শান্তিৰাম ৰানাৰ বিশ্বাস জয় কৰাৰ পিছত ভাৰতীয় সেনাৰ গোপন তথ্যসমূহ ৰানাৰ পৰা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবদ ৰানাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল কিছু ধনো।”
আনহাতে ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা ভাৰতীয় সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰি থকা ৰানাই কয় যে, তেওঁ পাকিস্তানী মহিলা এজেণ্টগৰাকীৰ সৈতে হোৱাটছএপ চেট, ভিডিঅ’ আৰু অডিঅ’ মেছেজৰ জৰিয়তে দীৰ্ঘদিন ধৰি যোগাযোগ কৰিছিল।
মহিলাগৰাকীয়ে নিজকে শ্বাহজাহানপুৰ (উত্তৰ প্ৰদেশ)ৰ বাসিন্দা বুলি বৰ্ণনা কৰিছিল। মহিলাগৰাকীয়ে ৰাণাক জনায় যে তেওঁ তাত মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছত কাম কৰে। আনগৰাকী নিশা নামৰ যুৱতীয়ে নিজকে মিলিটাৰী নাৰ্ছিং চাৰ্ভিছত কাম কৰে বুলি পতিয়ন নিয়াইছিল।”
ৰানাই স্বীকাৰ কৰা মতে, ধন আৰু ভালপোৱাৰ বাবেই তেওঁ গোপনীয় নথি-পত্ৰ, ফটো, অনুশীলনৰ ভিডিঅ’ আদি যুৱতী দুগৰাকীলৈ প্ৰেৰণ কৰিছিল।











