![]()
ৰোগী সকলৰ চিকিৎসা কৰি আত্মতুষ্টি লোৱা ‘এটকীয়া চিকিৎসক’ নামে খ্যাত পশচিম বংগৰ চিকিৎসক পদ্মশ্ৰী সুশোভন বেনাৰ্জীৰ আৰু নাই ৷মাত্ৰ এক টকাৰ মাচুল লৈ বছৰ বছৰ ধৰি ৰোগীৰ চিকিৎসা কৰি অহা পশ্চিমবংগৰ ‘এটকীয়া চিকিৎসক’ হিচাপে পৰিচিত সুশোভন বেনাৰ্জী আৰু নাই! দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থাকি মঙলবাৰে ৮৪ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে সৰ্বপৰিচিত চিকিৎসক তথা ৰাজনীতিবিদ গৰকীয়ে।
উল্লেখ্য যে, বিগত ৬০ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াই অহা বীৰভূমৰ সন্তান সুশোভন বেনাৰ্জীয়ে চিকিৎসা প্ৰদানৰ নামত ৰোগীৰ পৰা মাচুল হিচাপে লৈছিল মাত্ৰ ১ টকা। তেওঁৰ মানৱ সেৱাৰ বাবেই ২০২০ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল।
একে বছৰতে সৰ্বাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়াই গিনিজ বুকতো নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল সুশোভন বেনাৰ্জীয়ে। চিকিৎসাৰ ক্ষেত্ৰখনৰ লগতে এসময়ত তেওঁ ৰাজনীতিৰ সৈতেও জড়িত হৈ পৰিছিল।১৯৮৪ চনত পশ্চিমংবগত বাওপন্থীৰ শাসনৰ সময়ত বলপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সুশোভন বেনাৰ্জীয়ে।
পৰৱৰ্তী সময়ত তেওঁ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ যোগদান কৰে যদিও কিছু দিনৰ পিছতে ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি চিকিৎসা সেৱাত অধিক মনোনিৱেশ কৰে।এইগৰাকী মহান চিকিৎসকৰ বিয়োগে মৰ্মাহত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো। টুইটাৰত গভীৰ শোক ব্যক্ত কৰি সুশোভন বেনাৰ্জীক ‘মানৱীয় আত্মাৰ শ্ৰেষ্ঠতম প্ৰতিমূৰ্তি’ ৰূপে অভিহিত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
টুইটাৰত মোডীয়ে লিখিছে, “তেওঁক বহু লোকক সুস্থ কৰি তোলা এগৰাকী দয়ালু আৰু বহল হৃদয়ৰ ব্যক্তি হিচাপে স্মৰণ কৰা হ’ব। তেওঁৰ মৃত্যুৱে মৰ্মাহত কৰিছে। তেখেতৰ পৰিয়াল আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।’’
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়েও টুইটযোগে চিকিৎসকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, “মহান চিকিৎসক সুশোভন বেনাৰ্জীৰ মৃত্যুৰ কথা জানি দুখ লাগিছে। বীৰভূমৰ বিখ্যাত একটকীয়া-ডাক্তৰগৰাকীয়ে ৰাজহুৱা মনোভাৱৰ দানশীলতাৰ বাবে পৰিচিত আছিল। তেওঁৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছো।’’











