![]()
মাঙ্কিপক্সক অৱহেলা কৰা উচিত নহয়। সতৰ্ক হওক। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে মাঙ্কিপক্স সংক্ৰমণৰ বিষয়ে এই বাৰ্তা প্ৰদান কৰে। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই মাঙ্কিপক্সক লৈ বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
এক সাক্ষাৎকাৰত স্বামীনাথনে কয় যে ই এটা স্মলপক্স ভাইৰাছ। হুৰ তথ্য অনুসৰি বিশ্বত এই পৰ্যন্ত ১৬ হাজাৰৰো অধিক লোক মাঙ্কিপক্সত আক্ৰান্ত হৈছে। স্বামীনাথনৰ মতে, ‘মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ আমাৰ বাবে এক সতৰ্কবাণী। সকলো মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে আমি সকলো সময়তে সাজু থাকিব লাগিব
এই ৰোগৰ প্ৰতিষেধক প্ৰদানৰ বিষয়ে স্বামীনাথনে কয় যে ১৯৭৯–৮০ চনৰ পৰা স্মলপক্সৰ টিকাদান কৰ্মসূচী বন্ধ কৰা হৈছে । মাঙ্কিপক্সৰ বিৰুদ্ধে স্মলপক্সৰ ভেকচিন ফলপ্ৰসূ হʼব পাৰে। তেওঁৰ ভাষাত কʼবলৈ গʼলে বৰ্তমানৰ স্মলপক্স ভেকচিন দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ। কিন্তু ষ্টকত এই ভেকচিনৰ পৰিমাণ অতি কম আছে।
বিশ্বৰ বিভিন্ন দেশত ইয়াক মজুত কৰি ৰখা হৈছে, কাৰণ এই ৰোগৰ প্ৰাদুৰ্ভাৱ হʼব পাৰে বুলি আশংকা কৰা হয়।স্বামীনাথনে কয় যে ডেনমাৰ্কৰ বাভাৰিয়ান নৰ্ডিক নামৰ এটা কোম্পানীয়ে স্মলপক্সৰ প্ৰতিষেধক প্ৰস্তুত কৰি আছে।











