
দেশৰ প্ৰতিৰক্ষা গৱেষণাৰ অন্যতম পুৰোধা ব্যক্তি তেওঁ। যাৰ বাবে তেওঁক আখ্যা দিয়া হৈছে ‘মিছাইল মেন অব ইণ্ডিয়া’।বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ পৰা ৰাজনীতি, শিক্ষাৰ পৰা সাহিত্য- সকলোতে ৰাখি থৈ গৈছে তেওঁৰ যুগজয়ী চিহ্ন।
দেশৰ প্ৰথম নাগৰিক অৰ্থাৎ ৰাষ্ট্ৰপতি পদতো তেওঁ অনন্য নজিৰ স্থাপন কৰি থৈ গৈছে। তেওঁ আজি কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁ দেশৰ বুকুত জীয়াই আছে, জীয়াই থাকিব তেওঁৰ চিৰযুগমীয়া অৱদানৰ বাবে।
ডঃ এ পি জে আব্দুল কালামৰ বিষয়ে জনা-নজনা বহু কথা আছে। তেনে এটি কাহিনীয়ে ইয়াত উল্লেখ কৰিব বিচৰা হৈছে।
২০০৩ চনৰ ১৫ আগষ্ট। স্বাধীনতা দিৱস উপলক্ষে পৰম্পৰাগতভাৱে ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাত চাহ-জলপানৰ আয়োজন চলিছিল। আমন্ত্ৰিত ব্যক্তিৰ সংখ্যা ৩ হাজাৰোধিক। কিন্তু পুৱা ৮ বজা মানৰ পৰা আৰম্ভ হয় ডবাপিটা বৰষুণ।
তাকে লৈ ৰাষ্ট্ৰপতি ভৱনত আলোচনা, এনে বৰষুণত মুকলি ঠাইত কেনেদৰে চাহ-জলপানৰ আয়োজন কৰিব পৰা হ’ব। আনহাতে, ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত মাত্ৰ ৭০০ মান লোকৰহে এনে ধৰণৰ ব্যৱস্থা আছে। ততাতৈয়াকৈ ২০০০টা ছাতিৰ ব্যৱস্থা কৰা হ’ল।
তেনেদৰে পাৰ হ’ল কাৰ্যসূচীৰ আয়োজন। কিন্তু দুপৰীয়া তেওঁৰ ব্যক্তিগত সচিবজন চিন্তাক্লিষ্ট মনেৰে ৰাষ্ট্ৰপতি কালামৰ ওচৰলৈ যোৱাত চিৰপৰিচিত হাঁহিটোৰে তেওঁ ক’লে, “আজিৰ বতৰ বৰ সুন্দৰ। অনুভৱ কৰাচোন ইমান মনোমোহা মলয়া বতাহ বলি আছে।”
তেতিয়া ব্যক্তিগত সচিবজনে তেওঁক মনত পেলাই দি ক’লে, “কিন্তু ছাৰ, আজি আপুনি প্ৰায় ৩ হাজাৰ মানুহক চাহমেললৈ নিমন্ত্ৰণ জনাইছে। এনেকুৱা বতৰত ৩০০০ মানুহৰ আপ্যায়ণ কেনেকৈ সম্ভৱ হ’ব? ৰাষ্ট্ৰপতি ভৱনত ৭০০ মানুহহে জুৰিব। ইতিমধ্যে ২০০০ ছতিৰ বন্দোবস্ত কৰা হৈছে। কিন্তু সেয়াইটো যথেষ্ট নহ’ব।”
তাৰ উত্তৰত কালামে নিৰুদ্বেগ চিত্তে হাঁহি হাঁহি ক’লে, “এইটোনো কি ডাঙৰ কথা। অতি বেছি আমি কেইজনমান বৰষুণত তিতিম। মই কিন্তু বৰষুণত তিতিবলৈ সাজু আছোঁ। আজি বৰষুণত তিতি তিতি চাহ খোৱাৰ মজা ল’ম।”
কিন্তু কালামৰ শিশুসুলভ উত্তৰত সচিবজনে একো উৱাদিহ পোৱা নাছিল। তেওঁক তেওঁৰ দায়িত্ববোধে বাৰুকৈয়ে খুন্দিয়াইছিল। চিন্তাক্লিষ্ট মনেৰে সচিবগৰাকী কালামৰ কোঠাৰ পৰা ওলাই যাবলৈ লওঁতেই কালামে তেওঁক ওচৰলৈ মাতি লাহে লাহে ক’লে, “আপুনি চিন্তা নকৰিব।
মই ওপৰ মহলত কথা পাতি থৈছোঁ। ঈশ্বৰে আমাক সহায় কৰিব।”
সঁচাকৈয়ে সেয়ে হ’ল। দিনৰ ২ বজাৰ পৰা বৰষুণ বন্ধ হ’ল। ডাৱৰৰ ফাঁকেৰে ৰ’দে ভুমুকি মাৰিলে। লগে লগে ডাৱৰ আঁতৰি ওলোৱা সূৰ্যটোৰ দৰে আয়োজনসকলৰো মুখ ৰঙীন উজ্জ্বল হৈ পৰিল।
হাঁহি ফুটি উঠিল। তাৰ পিছত চাৰে পাঁচ বজাত ৰাষ্ট্ৰপতি কালাম বাগিচালৈ আহি অভ্যাগতসকলক আদৰণি জনালে, তেওঁলোকৰ সৈতে মত বিনিময় কৰিলে, চাহ-জলপান খালে, ফটো তুলিলে। তাৰ পিছত ৬.১৫ বজাত জাতীয় সংগীতেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।
কিন্তু আচৰিত কথা, আব্দুল কালামে অনুষ্ঠানন সামৰি ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাৰ কিছু সময় পিছতেই পুনৰ ধাৰাষাৰ বৰষুণ আৰম্ভ হয়। ইয়াকে কয়, ‘বিশ্বাসে মিলয় হৰি…’











