![]()
বুধবাৰে বিয়লি হিমাচলৰ চিমলাৰ সমীপৰ হীৰানগৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে আৰু এজন যুৱক নিহত হোৱাৰ লগতে ২০ গৰাকী যাত্ৰী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।
জানিব পৰা মতে, কাংৰা জিলাৰ নগ্ৰোতা বাগৱানৰ পৰা চিমলালৈ আহি থকা এইছআৰটিচিৰ বাচখনে হীৰানগৰৰ সমীপত নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰাত এজন যুৱকৰ মৃত্যু ঘটে। দুৰ্ঘটনাত আহত আন ২০ জনৰ দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকীক ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিয়লি প্ৰায় ডেৰ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
কিন্তু উদ্ধাৰ অভিযানত ব্যৱহৃত ক্ৰেণ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ ফলত এজন যুৱকে বাছৰ চেপাত প্ৰাণ হেৰুৱাবলগীয়া হয়।
ভুল দিশেৰে পৰা অহা এখন ট্ৰাকে বাছখনত খুন্দা মৰাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোচাৰ ফলত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি বাছ কণ্ডাক্টৰ সুধীৰে জানিবলৈ দিয়ে। দুৰ্ঘটনাৰ সময়ত বাছখনত মুঠ ২৫ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।











