![]()
অধিবেশনৰ সময়ত বিশৃংখলতা সৃষ্টি কৰাৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় আৰু তিনিজন বিৰোধী সাংসদক। বৃহস্পতিবাৰে নিলম্বন কৰা হয় অসম আঞ্চলিক গণমৰ্চাৰ অজিত কুমাৰ ভূঞা আৰু আম আদমী পাৰ্টিৰ সুশীলকুমাৰ গুপ্তা আৰু সন্দীপ পাঠক। চলিত সপ্তাহৰ শেষলৈকে (শুকুৰবাৰ) নিলম্বন কৰা হৈছে তেওঁলোকক।
উল্লেখ্য, অসৎ আচৰণৰ অভিযোগত মঙলবাৰে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় ২০ জন সাংসদক। শুকুৰবাৰলৈ নিলম্বিত সাংসদৰ তালিকাত আছে তৃণমূলৰ ৭ জন সাংসদ, ডি এম কেৰ পৰা ৬ জন, তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৩ জন, চি পি এমৰ দুজন আৰু আপ আৰু চি পি আইৰ পৰা এজনকৈ সাংসদ আছে। ইয়াৰ পূৰ্বে সোমবাৰে একেটা অভিযোগতে অধ্যক্ষই লোকসভাৰ পৰা চাৰিজন কংগ্ৰেছ সাংসদক নিলম্বন কৰিছিল।
ইফালে বৃহস্পতিবাৰে বিয়লিৰ পৰা সংসদ ভৱন চৌহদত গান্ধী প্ৰতিমূৰ্তিৰ তলত ৫০ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত যোগদান কৰে নিলম্বিত সাংসদসকলে। আনহাতে, নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘অত্যাচাৰী আচৰণ’, মূল্যবৃদ্ধি আৰু খাদ্য সামগ্ৰীৰ ওপৰত জি এছ টিৰ বিৰুদ্ধে বিৰোধী সাংসদে প্ৰতিবাদ কৰাৰ বাবে বৃহস্পতিবাৰে বিয়লি ৩ বজালৈ স্থগিত ৰখা হয় ৰাজ্যসভাৰ অধিবেশন।











