![]()
সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আজি কাৰবি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮১ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দেশভক্তি দেৱতা উদযাপন কৰা হয় ৷
দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰাতিকৃতিত শ্ৰদ্ধাঞ্জলিৰে অনুষ্ঠান আৰম্ভ হয় দেশভক্তি দিৱসৰ কাৰ্যসূচী ৷ এইলৈ বিভাগটোৰ কাৰ্যালয়ত জিলা তথ্য আৰু জন সংযোগ বিষয়া উৎপল ডিমাচাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত ধীৰাজ জৈন৷
আনহাতে সন্মানীয় অতিথি কাৰবি লাম্মেট আমেইৰ সভাপতি জয়ছিং টকবী, নিৰ্দিষ্ট বক্তা দ্বয় ক্ৰমে বিশিষ্ট সাংবাদিক সঞ্জু বৰা , বিশিষ্টি লেখক, সাহিত্যিক ভৱ প্ৰসাদ দেউৰী, তথ্য আৰু জন সংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক শেখৰ ইংতি আৰু উপ সঞ্চালক অবিনাশ বৰ্মণ ৷
নিৰ্দিষ্ট বক্তাদ্বয় সঞ্জু বৰা আৰু ভৱ প্ৰসাদ দেউৰীয়ে নিজৰ সাৰুৱা ভাষণ প্ৰসংগত দেশভক্ত তৰুণৰাম ফুকণৰ জীৱনাদৰ্শ আৰু সাহিত্য জীৱনলৈ আগবঢ়োৱা অৱদান সন্দৰ্ভত বিস্তৃত ভাবে আলোকপাত কৰে ৷
দেশ আৰু অসমৰ প্ৰতি থকা প্ৰেমৰ অৱদানৰ বাবেই তেওঁক ” দেশভক্ত তৰুণ ৰাম ফুকন” নামেৰে শিৰোনাম দিয়া হৈছিল কয় ৷ ভৱ প্ৰসাদ দেউৰীয়ে আনন্দৰাম ফুকনৰ ৰচিত কবিতাৰ কিছু অংশৰ ওপৰত আলোকপাত কৰে ৷
উক্ত কাৰ্যসূচীৰ পিছতে তথ্য আৰু জনসংযোগ বিষয়াৰ ডিফু স্থিত কাৰ্যালয়ত মুখ্য মন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষ পুলি ৰোপন কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ৷













