![]()
তালিগঞ্জ কৰুণাময়ী, বালিগঞ্জ আৰু বেলঘৰিয়াৰ পিছত এইবাৰ নৰ্থ ২৪ পৰগনাৰ চাইনা পাৰ্কত উদ্ধাৰ হʼল অৰ্পিতা মুখাৰ্জীৰ ফ্লেট! বৃহস্পতিবাৰে চাইনা পাৰ্কৰ নোয়াপাৰাৰ পূব দিশত থকা ৰয়েল ৰেচিডেন্সি বাসগৃহৰ বি ব্লকৰ চাৰিমহলীয়া ফ্লেটত ইডিয়ে অভিযান চলায়।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সূত্ৰ অনুসৰি ফ্লেটটো পোৱাৰ লগে লগে বিয়লি তালাচী অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হয়। বুধবাৰে নিশা বেলঘৰিয়াৰ অৰ্পিতাৰ ৰথতলাৰ ফ্লোৰ ফ্লেটৰ পৰা প্ৰায় ২৮ কোটি টকা নগদ ধন উদ্ধাৰ কৰে ইডিয়ে।
বিচাৰি পাইছে কোটি কোটি টকাৰ সোণৰ গহনা। কেইঘণ্টামান পিছত অৰ্পিতাৰ আন এটা ফ্লেট পায়। চাইনা পাৰ্কৰ সেই বাসগৃহটোৰ একাউণ্টেণ্টে দাবী কৰে যে ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা চলিত মাহলৈকে অৰ্পিতাই বাসগৃহটোৰ মেৰামতিৰ খৰচৰ বাবে প্ৰায় ৩৮ হাজাৰ টকা আদায় দিয়া নাই। তেওঁ আৰু দাবী কৰে যে ২০১৭ চনত অৰ্পিতাই কʼলা ৰঙৰ মাৰ্চিডিজ গাড়ীত উঠি উক্ত বাসগৃহলৈ আহিছিল।











