
সমগ্ৰ বিশ্বতে মাংকিপক্সৰ সংক্ৰমণ বিয়পি পৰিছে।এই পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী জাৰি কৰিছে। হুই জনোৱা মতে, মাংকিপক্স ৰোগীৰ অধিকাংশই সমকামী পুৰুষ। সেয়েহে মাংকিপক্স সংক্ৰমণ ৰোধ কৰিবলৈ হুৱে বাৰে বাৰে সংগী সলনি কৰাটো নিষিদ্ধ কৰিছে।
হুৰ মুৰব্বী টেড্ৰছ এধানম গেব্ৰেইছাছে কয়, “সমকামী পুৰুষসকলে সাৱধান হোৱাটো প্ৰয়োজন। যৌন সংগীৰ সংখ্যা হ্ৰাস কৰিব লাগিব। নতুন সংগীৰ সৈতে সম্পৰ্কত সোমোৱাৰ আগেয়ে দুবাৰ ভাবি চাব। অজ্ঞাত যৌন সংগীৰ সৈতে যোগাযোগ মুকলি হʼব লাগে। যাতে তেওঁৰ বিষয়ে জ্ঞাত থাকে।”
যোৱা সপ্তাহত ইংলেণ্ডত প্ৰকাশিত এখন গৱেষণা-পত্ৰত দাবী কৰা হৈছে যে মাংকিপক্সত বলি হোৱা লোকৰ ৯৮ শতাংশই সমকামী। ৯৫ শতাংশ ক্ষেত্ৰত এই ৰোগ যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত হয়। কিন্তু বিশেষজ্ঞসকলে কোৱা নাই যে যৌনতাৰ ফলত মাংকিপক্স হয়। ভাৰততো মাংকিপক্স বাঢ়িছে।
পৰিস্থিতি বিবেচনা কৰি ভেকচিন প্ৰস্তুত কৰাত কেন্দ্ৰসমূহ সক্ৰিয় হৈ আছে। বিভিন্ন ভেকচিন প্ৰস্তুতকাৰী কোম্পানীক মাংকিপক্সৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে নিবিদা আহ্বান কৰা হৈছে। ভাইৰাছ ধৰা পেলোৱা কিট নিৰ্মাণৰ বাবেও নিবিদা আহ্বান কৰা হৈছে। বৰ্তমান বিশ্বত ১৮ হাজাৰৰো অধিক লোক মাংকিপক্সত আক্ৰান্ত হৈছে।
হুৰ মতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কমেও ৫০ লাখৰ পৰা ১ কোটি মাংকিপক্স ভেকচিনৰ প্ৰয়োজন। মধ্য আৰু পশ্চিম আফ্ৰিকাৰ কিছু অংশত মাংকিপক্স কেইবাটাও দশক ধৰি আছে। যোৱা মে’ মাহৰ পৰা ইউৰোপ, উত্তৰ আমেৰিকা আদি দেশত মূলতঃ সমকামী আৰু উভলিংগ পুৰুষৰ মাজত মাংকিপক্সৰ সংক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে।
স্পেইন, বেলজিয়ামৰ দৰে দেশতো যৌন সম্পৰ্কৰ যোগেদি এই ৰোগ বিয়পি পৰে। ইফালে, কৰোণা ভেকচিনে মৃত্যুৰ সংখ্যা হ্ৰাস কৰিলেও সংক্ৰমণ ইমান কমাব পৰা নাই। গতিকে হুৱে সকলো দেশকে নতুন ভেকচিনৰ পৰিকল্পনা কৰিবলৈ কৈছে। তদুপৰি হুৱে মাংকিপক্স ৰোগীক ধৰা পৰিলে আইছলেচনত থাকি চিকিৎসাৰ পৰামৰ্শ দিছে।











