![]()
ভাড়াতীয়াই ফ্লেটৰ মালিকক সোমাবলৈ নিদিলে। অৱশেষত ফ্লেটটোৰ মালিক বুঢ়া দম্পতীহালে চাৰিদিন চিৰিৰ ওপৰত কটালে ভাড়াতীয়াজনক উচ্ছেদ কৰি নিজৰ ফ্লেটত প্ৰৱেশ কৰিবলৈ প্ৰশাসনৰ কাষ চাপে। কিন্তু আদালতে নিৰ্দেশ নিদিলে এই বিষয়ত একো কৰিব নোৱাৰিব বুলি প্ৰশাসনে অৱগত কৰে। গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এই ঘটনা।
অৱসৰৰ পিছত জীৱনৰ শেষ দিনকেইটা শান্তিৰে পাৰ কৰিবলৈ বৃহত্তৰ নয়ডাৰ ৰাধা স্কাই গাৰ্ডেন ছচাইটিৰ ছেক্টৰ ১৬বিত এটা ফ্লেট ক্ৰয় কৰিছিল সুনীল কুমাৰ আৰু ৰাখী গুপ্তাই। কামৰ বাবে সুনীল আৰু ৰাখী মুম্বাইত আছিল। সেই সময়ত তেওঁ গ্ৰেটাৰ নয়ডাত এটা ফ্লেট কিনে। এগৰাকী মহিলাক ভাড়াত থাকিবলৈ দিয়ে।
২০ জুনৰ পিছত ফ্লেটটো খালী কৰাৰ বাবে ভাড়াতীয়াৰ সৈতে চুক্তিবদ্ধ হোৱা বুলি দাবী কৰে দম্পতীহালে। ভাড়াতীয়াজনেও সেই কথাত সন্মতি দিলে।২০ জুনত চুক্তিৰ ম্যাদ উকলি যোৱাৰ বাবে ভাড়াতীয়াক ফ্লেটটো খালী কৰিবলৈ কোৱা হৈছিল বুলি দম্পতীহালে অভিযোগ কৰে। তেতিয়া মহিলাগৰাকীয়ে কয় যে তেওঁৰ পুত্ৰ অসুস্থ।
সেয়ে কেইদিনমান সময় বিচাৰে। সুনীলে অভিযোগ কৰা মতে, কিছুদিন সময় দিয়াৰ পাছত তেওঁ কেইবাবাৰো ভাড়াতীয়াক ফোন কৰিছিল, কিন্তু ভাড়াতীয়াই ফোনটো উঠোৱা নাছিল। সুনীলে নয়ডাৰ এজন আত্মীয়ক ফ্লেট বিচাৰিবলৈ কʼবলৈ বাধ্য হয়। অভিযোগ উত্থাপন হৈছে যে আত্মীয়জন ফ্লেটলৈ যোৱাৰ সময়ত ভাড়াতীয়াই তেওঁৰ লগত বেয়া আচৰণ কৰিছিল।
সুনীল আৰু ৰাখী ১৯ জুলাইত পোনপটীয়াকৈ ফ্লেটটোলৈ আহে। অভিযোগ অনুসৰি তেওঁলোকে ভাড়াতীয়াক ফ্লেট এৰি যাবলৈ কয়। কিন্তু ভাড়াতীয়াই ফ্লেটটোৰ পৰা ওলাই যাবলৈ অস্বীকাৰ কৰে। আনকি ফ্লেটটোত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল দম্পতীহালক। অৱশেষত সুনীল আৰু ৰাখীয়ে ফ্লেটটোৰ সন্মুখৰ চিৰিত বহিয়ে চাৰিদিন পাৰ কৰে।
বিষয়টোক লৈ আৰক্ষীৰ ওচৰ চাপে। অভিযোগ অনুসৰি আৰক্ষীয়ে কোনো ধৰণৰ সহায় নকৰিলে তেওঁলোকক। ইয়াৰ পিছত তেওঁলোক জিলা দণ্ডাধীশৰ ওচৰলৈ যায়।
তাৰ পিছতে জিলা দণ্ডাধীশে বিষয়টো আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰে। নয়ডাৰ উপ আৰক্ষী আয়ুক্ত হৰিশ চন্দ্ৰক বিষয়টো চাবলৈ কয় কেন্দ্ৰীয় আৰক্ষী আয়ুক্তই। কিন্তু আদালতে নিৰ্দেশ নিদিয়ালৈকে একো কৰিব নোৱাৰিব বুলি ডিচিপিয়ে দম্পতীহালক অৱগত কৰে।











