![]()
বহু বছৰ ধৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক ভাল হোৱাৰ নাম লোৱা নাই। ভাৰতৰ স্থিতি স্পষ্ট যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে হ’ব নোৱাৰে। কিন্তু পাকিস্তান সন্ত্ৰাসৰ আশ্ৰয়স্থলত পৰিণত হৈছে আৰু ইয়াক নিয়ন্ত্ৰণ নকৰাকৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব পৰা নাযায়।
উৰি আৰু পাঠানকোটৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছে আৰু তাৰ পিছতে ২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰাৰ সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে পাকিস্তান।
ইতিমধ্যে চুবুৰীয়া দেশখনৰ অৱস্থা বেয়া হৈ গৈ আছে। কিন্তু ভাৰত চৰকাৰে পাকিস্তানৰ সৈতে পুনৰ বাণিজ্যিক সম্পৰ্ক ঘূৰাই অনাৰ কথা চিন্তা কৰিছেনে? সংসদত এই প্ৰশ্নৰ উত্তৰ দিছে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে।
বৃহস্পতিবাৰে সংসদৰ উচ্চ সদনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাক জনায় যে ২০১৯ বৰ্ষৰ পাছত পাকিস্তানৰ সৈতে পুনৰ বাণিজ্য আৰম্ভ কৰাৰ সন্দৰ্ভত কোনো অগ্ৰগতি হোৱা নাই।
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে কয়, “২০১৯ চনৰ আগষ্ট মাহত পাকিস্তানে ভাৰতৰ সৈতে দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তানে বাণিজ্যৰ অনুমতি দি ভাৰতৰ সৈতে বাণিজ্যিক বাধা আংশিকভাৱে লাঘৱ কৰিছিল।” তাৰ পিছৰ পৰা পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কোনো অগ্ৰগতি হোৱা নাই।
২০১৯ চনত ভাৰতে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰি সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰে। ইয়াৰ পিছত ইমৰাণ খানৰ নেতৃত্বত পাকিস্তানৰ তদানীন্তন চৰকাৰে ভাৰতৰ সৈতে সকলো ধৰণৰ ব্যৱসায় নিষিদ্ধ কৰিছিল।
কিন্তু পাকিস্তানে বাণিজ্য স্থগিত ৰখাৰ এটা মূল কাৰণ আছিল পাকিস্তানৰ আমদানিৰ ওপৰত ভাৰতে আৰোপ কৰা ২০০ শতাংশ শুল্ক। পুলৱামা আক্ৰমণৰ পিছত ভাৰতেও পাকিস্তানৰ পৰা মষ্ট ফেভাৰড নেচন (এম এফ এন)ৰ মৰ্যাদা প্ৰত্যাহাৰ কৰে।










