
ৰাজস্থানত বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত।দুজন লোক নিহত। ইতিমধ্যে আদালতে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। ৰাজস্থানৰ বৰ্মেৰৰ ভীমৰা সমীপত সংঘটিত হৈছে এই ঘটনা। সূত্ৰ অনুসৰি বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে জুই লাগি যায়। ভীমৰাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত ধ্বংসাৱশেষ বিয়পি পৰিছে।
বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। কিন্তু এই ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই খবৰ লাভ কৰাৰ পিছতে যোৱা নিশা আৰক্ষী অধীক্ষক আৰু বায়ুসেনাৰ বিষয়াসকল উপস্থিত হয়। খবৰ অনুসৰি জিলা উপায়ুক্তও উপস্থিত আছিল।
উল্লেখ্য, ইয়াৰ পূৰ্বে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানত বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বায়ুসেনাই এক বিবৃতিত প্ৰকাশ কৰিছে যে ৰাজস্থানৰ উত্তৰলাই বিমানঘাটিৰ পৰা প্ৰশিক্ষণৰ বাবে এখন দুখন আসনযুক্ত মিগ-২১ বিমান উৰুৱাই দিয়া হৈছে। ইফালে বিমান দুৰ্ঘটনাটোত শ্বহীদ হোৱা দুয়োগৰাকী পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্তৰ নিৰ্দেশ দিছে আইএএফে।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটযোগে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰে। টুইটাৰত তেওঁ লিখিছে, “ৰাজস্থানৰ বাৰমেৰৰ ওচৰত আইএএফৰ মিগ-২১ প্ৰশিক্ষক বিমানৰ দুৰ্ঘটনাৰ ফলত দুজন যোদ্ধাক হেৰুৱাই গভীৰভাৱে যন্ত্ৰণাত ভুগিছো।জাতিৰ প্ৰতি তেওঁলোকৰ সেৱা কেতিয়াও পাহৰিব নোৱাৰিব। এই দুখৰ সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে।’











