
২০২০ চনত তেওঁ বʼৰ্ড পৰীক্ষাত প্ৰথম হʼব বুলি কৈছিল। আচৰিতভাৱে যেতিয়া চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ওলাল তেতিয়া সকলো স্তম্ভিত হৈ পৰিল। দুবছৰ পূৰ্বে কৰা ভৱিষ্যদ্বাণী সঁচা হʼল। তানিয়া সিং প্ৰথম হ’ল।
উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ বাসিন্দা তানিয়া। চিবিএছই দ্বাদশ শ্ৰেণীৰ ‘টপাৰ’ চলিত বৰ্ষত। ফলাফল ওলোৱাৰ কিছু সময়ৰ পিছতে নেটত ভাইৰেল হৈ পৰে তানিয়াৰ এটা লেখা। তাত লিখা আছে– চিবিএছই টপাৰ ২০২২, ইউপিএছচি টপাৰ ২০২৭।
ইয়াৰ ঠিক তলত হাতেৰে লিখা কিছুমান শব্দ আৰু বাক্য ইংৰাজীত আছে। ‘কষ্ট কৰা, কাৰণ তুমি টিনা নহয়। তুমি জানা যে সকলো তোমাৰ ওপৰত নিৰ্ভৰশীল। এদিন নিশ্চিতভাৱে পাৰিবা। নিশ্চিত হোৱা যে তুমি কৰিব পাৰিবা।’ এই লেখাটোৰ ঠিক তলত তানিয়াৰ স্বাক্ষৰ আছে। লেখাটো এপ্ৰিল ২০২০ ৰ।
তানিয়াই ৫০০ৰ ভিতৰত ৫০০ লাভ কৰি দ্বাদশ শ্ৰেণীত প্ৰথম স্থান লাভ কৰে। আৰু তাৰ লগে লগে দুবছৰ আগৰ তেওঁৰ প্ৰতিশ্ৰুতি পোহৰলৈ আহে। এটা লক্ষ্য সম্পন্ন হʼল কিন্তু আন এটা লক্ষ্য সম্পন্ন কৰিবলৈ আছে, অৰ্থাৎ ইউ পি এছ চিত দেশৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ। দুবছৰৰ আগৰ দ্বাদশৰ বʼৰ্ড পৰীক্ষাৰ দৰে তেওঁৰ পৰৱৰ্তী লক্ষ্য কি হʼব সেই কথাও তানিয়াই উল্লেখ কৰে। ২০২৭ চনত UPSC পৰীক্ষাত অৱতীৰ্ণ হʼব উত্তৰ প্ৰদেশৰ এই ছোৱালীজনী।











