![]()
দক্ষিণ গোৱাৰ কাৰ্টালিম গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ জুয়াৰী নদীৰ দলঙৰ ৰেলিং ভাঙি এখন বিলাসী এছইউভি বাহন নৈত বাগৰি পৰে। দক্ষিণ গোৱাৰ ৰাজধানী পানাজীৰ পৰা গৈ থকা এই বাহন খন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এটা পৰিয়ালৰ ৪ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
নিশা ১.১০ মাজত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰা এছইউভি খনৰ পৰা পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দলে চাৰিটা মৃতদেহ ক্ৰমে দক্ষিণ গোৱাৰ লৌটালিম অঞ্চলৰ এজন ব্যৱসায়ী, তেওঁৰ পত্নী, ভাতৃ আৰু এজন বন্ধুৰ উদ্ধাৰ কৰে।











