
মুম্বাইৰ পশ্চিম আন্ধেৰীৰ বজাৰ অঞ্চলৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড। এই খবৰ লাভ কৰাৰ পিছতে ১০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী গৈ ঘটনাস্থলীত উপস্থিত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও কোনো লোকৰ হতাহতিৰ খবৰ পোৱা নাই।
প্ৰাপ্ত খবৰ মতে , শুকুৰবাৰে বিয়লি ৪.৩০ বজাত আন্ধেৰীৰ ডি এন নগৰৰ বজাৰ এলেকাত এটা মণ্ডপত জুই লাগে। জানিব পৰা মতে, আন্ধেৰীৰ স্প’ৰ্টছ কমপ্লেক্সৰ কাষতে থকা চিত্ৰকুট ছবিখনৰ ছেটসমূহ সজাই থকাৰ সময়তেই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয়৷
ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰে।
উল্লেখ্য, এলেকাটোৰ চাৰিওফালে আছে বহুকেইটা হাউছিং কম্প্লেক্স আৰু বহুমহলীয়া বাণিজ্যিক কেন্দ্ৰ। সেয়ে ততাতৈয়াকৈ জুই নিৰ্বাপনৰ চেষ্টা আৰম্ভ কৰে অগ্নি নিৰ্বাপক কর্মীসকলে।











