![]()
বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই পাটনাৰ পুৰণি কলেজত প্ৰতিবাদৰ সন্মুখীন হʼবলগা হয়। তেওঁক কʼলা পতাকা দেখুওৱাৰ উপৰি আন্দোলনকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ‘গো বেক’ শ্লোগান দিবলৈ আৰম্ভ কৰে।
ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰত্যাহাৰৰ দাবী তেওঁলোকৰ। তদুপৰি তেওঁলোকে পাটনা বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্তৰলৈ উন্নীত কৰাৰো দাবী উত্থাপন কৰে।
শনিবাৰে নাড্ডাই পাটনা মহাবিদ্যালয়ৰ আলোচনা-চক্ৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু মহাবিদ্যালয়ত ভৰি দিয়াৰ লগে লগে নিখিল ভাৰত ছাত্ৰ সন্থাৰ সদস্যসকলে তেওঁক কাৰ্যতঃ ঘেৰি ধৰি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।
লগতে ‘জে পি নাড্ডা গো বেক’ ধ্বনি দিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠী-চাৰ্জো কৰে। অৱশেষত আৰক্ষী জোৱানসকলে ভিৰ আঁতৰাই তেওঁক উক্ত স্থানৰ পৰা আঁতৰাই লৈ যায়।
উল্লেখ্য, এইখন পাটনা মহাবিদ্যালয়ৰ পৰাই নাড্ডাই ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পিতৃ এন এল নাড্ডা আছিল পাটনা বিশ্ববিদ্যালয়ৰ ছাত্ৰ। ব্যক্তিগত সম্পৰ্কৰ উপৰি নাড্ডাৰ বিহাৰৰ সৈতে ৰাজনৈতিক পৰ্যায়তো সম্পৰ্ক আছে।
বিহাৰৰ নীতিশ কুমাৰ জেডিইউ চৰকাৰৰ অংশীদাৰ দল বিজেপি। আৰু দলৰ সভাপতি হিচাপে নাড্ডাৰ বিৰুদ্ধে এই কৰ্মসূচীত গেৰুৱা শিবিৰ কাৰ্যত অস্বস্তিত পৰিছে।











