![]()
সমগ্ৰ অন্ধ্ৰপ্ৰদেশত শোকৰ বন্যা বৈছে। ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দি বন্ধুৰ সৈতে সাগৰ তীৰলৈ ফুৰিবলৈ অকাল মৃত্যুক সাবটিলে ৬ গৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই। শুকুৰবাৰে কলেজৰ পৰীক্ষা দি উঠি পুডিমাডাকাৰ ৰামবিলি মণ্ডলৰ সীতাপালম বীচলৈ গৈছিল অন্ধ্ৰপ্ৰেদেশৰ অনকাপল্লী জিলাৰ ইঞ্জিনিয়াৰিং কলেজৰ ১৩ গৰাকী শিক্ষাৰ্থী।
উক্ত ১৩ গৰাকী ৬ জনে বংগোপ সাগৰৰ পাৰত থিয় হৈ থকা বিপৰীতে আন ৭ গৰাকীয়ে পানী যুঁচলিত নমাৰ সময়তে প্ৰচণ্ড ঢৌৱে আহি উটুৱাই লৈ যায় ছাত্ৰ কেইজনক।
এই ঘটনা প্ৰত্যক্ষ কৰিয়েই ওচৰৰে মাছমৰীয়া কেইগৰাকী মানে লগে লগে চুৰিছেট্টি তেজা নামৰ এজন ছাত্ৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী ৬ জন সন্ধানহীন হৈ পৰে। আহত ছাত্ৰজনক পিছত বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইফালে পৰৱৰ্তী সময়ত ক’ষ্ট গাৰ্ড আৰু মেৰিন আৰক্ষীয়ে অভিযান চলাই আন এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত ছাত্ৰজনক নৰসিপটনামৰ জি পৱন সূৰ্য কুমাৰ (১৯) বুলি চিনাক্ত কৰা হয়।
কিন্তু তাৰ পিছতো নিৰুদ্দেশ হৈ থকা আন ৫ জন ছাত্ৰৰ সন্ধানত শনিবাৰে পুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰে নৌ সেনা, আৰক্ষী আৰু স্থানীয় মাছমৰীয়া সকলে।
দীৰ্ঘ সময় ধৰি সাগৰৰ বুকুত ছাত্ৰ কেইজনৰ সন্ধানত অভিযান চলোৱাৰ অন্তত অৱশেষত উদ্ধাৰ হয় আটাইকেইজন ছাত্ৰৰ মৃতদেহ। নিহত ছাত্ৰ কেইজন হৈছে ক্ৰমে পি গণেশ, কে জগদীশ, বি সতীশ কুমাৰ, ৰামচান্দু আৰু এছ যশৱন্ত কুমাৰ বুলি জানিব পৰা গৈছে।
আনহাতে এই শোকাৱহ ঘটনা মহাবিদ্যালয় কৰ্তৃপক্ষৰ অমনোযগিতাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে নিহত ছাত্ৰ কেইজনৰ পৰিয়ালে। লগতে, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়েও এই শোকাৱহ ঘটনাত গভীৰ দুখ ব্যক্ত কৰি নিহত ছাত্ৰ কেইজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।










