![]()
মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ৷
মৃতকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হোৱা বুলিও জানিব পৰা গৈছে।
জবলপুৰৰ দামোহা নাকা অঞ্চলৰ নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালত সংঘটিত হয় এই অগ্নিকাণ্ড। জবলপুৰৰ জিলা উপায়ুক্ত আল্লাইয়া ৰাজাই এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।
আনহাতে, জবলপুৰৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বহুগুণাই দুৰ্ঘটনাটোৰ সত্যতা নিশ্চিত কৰি ৪ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে তিনিজন লোক আহত হোৱা বুলিও জানিবলৈ দিয়ে। আহত আটাইকেইজনক অন্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।











