
দেশে উদযাপন কৰি আছে স্বাধীনতাৰ ৭৫ বছৰ।এইবাৰ ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তী। ইতিমধ্যে কেন্দ্ৰই আৰম্ভ কৰা অনুসৰি গোটেই বছৰটো উদযাপন কৰা হʼব আজাদী কা অমৃত মহোৎসৱ। ইফালে সোমবাৰৰ পৰা আগষ্ট মাহ আৰম্ভ হৈছে। আৰু আগষ্ট মাহটো আৰম্ভ হোৱাৰ লগে লগে দেশত স্বাধীনতা উদযাপনৰ ৰং অধিক বিয়পি পৰিছে।
৩১ জুলাইত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰি কয়, ‘২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ মানুহে নিজৰ ছচিয়েল মিডিয়াৰ ডি পি সলনি কৰিব লাগে।’ তেওঁ নিজৰ ফটোখনৰ সলনি ত্ৰিৰংগা ৰাখিবলৈ অনুৰোধ জনায়।
কিন্তু ২ আগষ্টৰ পৰা এই কাম কিয়?
মোদীয়ে কয় যে ২ আগষ্ট পিংগালি ভেংকাইয়াৰ জন্মদিন। তেওঁ ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন তৈয়াৰ কৰিছিল। তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে আজিৰ পৰা সলনি হʼল মোদীৰ ছচিয়েল মিডিয়া প্ৰফাইল ছবি।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ টুইটাৰ প্ৰফাইল ছবিত স্থান দিছে ত্ৰিৰংগাক।
আজি পুৱা মোদীয়ে টুইট কৰি কয়, ‘আজি ২ আগষ্ট। আমি উদযাপন কৰিছো আজাদী কা অমৃত মহোৎসৱ। আমি হৰ ঘৰ ত্ৰিৰংগাৰ বাবে সাজু হৈছো।’ ইয়াৰ পিছতে লিখিছে মোদীয়ে নিজে নিজৰ ছ’চিয়েল মিডিয়াৰ ডি পি সলনি কৰি আনকো নিজৰ ছবি সলনি কৰিবলৈ আহ্বান জনাইছে।
মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি কেইঘণ্টামানৰ ভিতৰতে ছ’চিয়েল মিডিয়াৰ চেহেৰা সলনি হৈ পৰে। কেইবাজনো কেন্দ্ৰীয় নেতা-মন্ত্ৰীয়ে নিজৰ প্ৰফাইল সলনি কৰি ত্ৰিৰংগা পতাকাৰ ফটো ৰাখিছে।বিষেশকৈ অমিত শ্বাহৰো প্ৰফাইল ছবি সলনি কৰা হৈছে।











