![]()
আমেৰিকাৰ বিমান আক্ৰমণত নিহত হৈছে আল কায়দাৰ নেতা আয়মান আল জাৱাহিৰী।এই কথা জনাইছে স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। জাৱাহিৰীৰ মৃত্যুক লৈ টেলিভিছনত ভাষণ দিয়ে বাইডেনে। পিছত তেওঁ সমগ্ৰ বিষয়টো সন্দৰ্ভত টুইট কৰে। তেওঁ জনোৱা মতে, শনিবাৰে আমেৰিকাৰ বিমানখনে কাবুলত আক্ৰমণ কৰে। তাতেই আল কায়দাৰ শীৰ্ষ নেতাজনৰ মৃত্যু হয়।
উল্লেখ্য, ৯/১১ আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হৈছে আয়মান আল জাৱাহিৰী। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ বিন লাডেনৰ সহযোগী আছিল। আল কায়দাৰ মুৰব্বীগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰাৰ পিছত বাইডেনে আন এটা টুইটত লিখিছে, “আমাৰ ক্ষতি কৰিব বিচৰাসকলৰ পৰা আমেৰিকান জনসাধাৰণক ৰক্ষা কৰাৰ দৃঢ়তা আৰু ক্ষমতা প্ৰদৰ্শন কৰি আহিছে আমেৰিকাই।”
বাইডেনে লিখিছে, “কিমান দেৰি হৈছে সেইটো বিষয় নহয়, কোন কʼত লুকাই থাকিবলৈ চেষ্টা কৰিছিল সেইটোও বিষয় নহয়। য’তেই নাথাকক কিয় আমি উলিয়াই আনিবলৈ সক্ষম।”
উল্লেখ্য, জাৱাহিৰীয়ে লাডেনৰ সৈতে যৌথভাৱে প্ৰতিষ্ঠা কৰিছিল আল কায়দা। লাডেনৰ মৃত্যুৰ পিছত তেওঁৰে হাতত আছিল আল কায়দাৰ বাঘজৰী। ২০১১ চনত হত্যা কৰা হৈছিল ওছামা বিন লাডেনক।











