![]()
বৈশালী জিলাৰ পাটেপুৰত সংঘটিত এক শোকাৱহ দুৰ্ঘটনা। দিনটোৰ কামৰ পৰা ভাগৰি সন্ধিয়া ঘাইপথৰ দাঁতিত এখন হোটেলত আহাৰ গ্ৰহণ কৰি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী ট্ৰাকে ৮ জনকৈ লোকক মহতিয়াই লৈ গ’ল।
পাটেপুৰ থানা এলেকাৰ বহুৱাৰা চ’কৰ মহুৱা-তাজপুৰ ৪৯ নং ৰাজ্যিক ঘাইপথৰ দাঁতিত অৱস্থিত এখন লাইন হোটেলত বহি খাদ্য খাই থকা সময়তে উক্ত ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে, হোটেল খনত সেই সময়ত প্ৰায় অৰ্ধ শতাধিক লোকেই আহাৰ গ্ৰহণ কৰি আছিল।
আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে লাইন হোটেলখনত খুন্দা মৰাৰ পূৰ্বে এখন ই-ৰিক্সা আৰু এখন অটো ৰিক্সাকো মহতিয়াই নিয়ে।
দুৰ্ঘটনাত আহত লোকসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি সদৰ হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে ট্ৰাকখনৰ চালকজনক কৰায়ত্ব কৰি উত্তম মাধ্যম শোধাই পিছত আৰক্ষীৰ হাতত চমজাই দিয়ে।
পৰৱৰ্তী সময়ত, বিজেপিৰ স্থানীয় বিধায়ক লখেন্দৰ কুমাৰ ৰোষণ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিহত সকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।











