![]()
দেশত কৰোনা ভাইৰাছৰ পিছত মাংকিপক্স। এই পৰিৱেশত এইবাৰ লাম্পি ভাইৰাছৰ উদ্বেগ বিয়পি পৰিল। এই ভাইৰাছত আক্ৰান্ত হৈছে গৰু-মʼহ। গৰু-মʼহৰ ক্ষেত্ৰত এক ধৰণৰ ছালৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ৰাজস্থানত লাম্পি ছালৰ ৰোগত আক্ৰান্ত হৈ ৪ হাজাৰোধিক গৰুৰ মৃত্যু হৈছে।
জানিব পৰা মতে, এয়া এক প্ৰকাৰৰ ভাইৰাছ সংক্ৰমণ। ৰাজস্থানৰ ১৬ খন জিলাত এই সংক্ৰমণ বিয়পি পৰিছে। এতিয়ালৈকে প্ৰায় ৯৪ হাজাৰ গৰু এই ৰোগত আক্ৰান্ত হৈছে। প্ৰায় ৭০ হাজাৰ গৰু চিকিৎসাধীন হৈ আছে। অৱশ্যে এই ভাইৰাছৰ কেন্দ্ৰবিন্দু হৈছে গুজৰাট। ৰাজস্থানতো এই সংক্ৰমণ বিয়পি পৰিছে।
আনহাতে, অন্য ৰাজ্যৰ পৰা যাতে গৰু প্ৰৱেশ নকৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ধৰণৰ সংক্ৰমণ দূষিত পানীৰ পৰা মহে বিয়পাই বুলি জনা যায়। এনে সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ ১.৫ শতাংশ।
ৰাজস্থান চৰকাৰৰ সূত্ৰ অনুসৰি এই পাঁচখন জিলা – গংগানগৰ, বৰমেৰ, যোধপুৰ, জালৌৰ, বিকানেৰত অধিকাংশ পশুৰ মৃত্যু হৈছে। জয়চালমেৰ, পালি, চিৰোহী, চুৰু, হনুমানগড়, আজমেৰ, জয়পুৰ, উদয়পুৰতো সংক্ৰমণ বিয়পি পৰিছে।
মুখ্য সচিব উষা শৰ্মাই কয় যে আজমেৰ, বিকানেৰ, যোধপুৰৰ কাৰ্যালয়ত বিভাগীয় পৰ্যায়ত ৮ৰ পৰা ১২ লাখ টকাৰ ধন আবণ্টন দিয়া হৈছে। ঔষধ ক্ৰয়কে ধৰি জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ বাকী জিলাসমূহক ২ৰ পৰা ৮ লাখ টকাকৈ দিয়া হৈছে। সংক্ৰমিত গৰু-মʼহক কোৱাৰেণ্টাইনত ৰখাৰ নিৰ্দেশ দিয়া হৈছে।











