ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত পুনৰ কৃষি বিভাগৰ নাম লৈ পাম্পছেট প্ৰদানৰ নামত কৃষকক প্ৰৱঞ্চনা

ASSAM TIMES POST by ASSAM TIMES POST
October 31, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

logo atp | ASSAM TIMES POST  ASSAM TIMES POST                

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

অজন্তা তালুকদাৰ, বোকাখাতঃ কৃষকেই গঢ়ে আমাৰ দেশৰ অৰ্থনীতিৰ মূল বুনিয়াদ। অথচ সেই দৰিদ্ৰ কৃষকৰ সৰলতাৰ সুযোগ লৈ দুষ্ট চক্ৰই ইজনৰ পৰা সিজনক প্ৰৱঞ্চনাৰ বলি কৰি তোলাৰ ঘটনাই দেশৰ অৰ্থনীতিৰ মূল বুনিয়াদত আঘাত কৰিছে।

বোকাখাতৰ কমাৰগাঁও বৰপথাৰৰ ৰেৱ গগৈ নামৰ লােকজনক যোৱা ২৯ আগষ্টত দুৰ্বৃত্তই কৃষি বিভাগৰ নাম লৈ প্ৰৱঞ্চনা কৰাৰ অভিযােগৰ বাতৰি আচাম টাইমচ্ ডট কমৰ পৃষ্ঠাত প্ৰকাশ পোৱাৰ বুৰবুৰণি নৌ শেষ হওতেই অনুৰূপ প্ৰৱঞ্চনাৰ ঘটনাত দুষ্ট চক্ৰৰ প্ৰৱঞ্চনাৰ বলি হ’ব লগীয়া হ’ল বোকাখাতৰে পুৰণি খতিয়াখলি অঞ্চলৰ বুবুল শইকীয়া নামৰ জনৈক দৰিদ্ৰ কৃষক। ৰহস্যজনকভাৱে পূৰ্বৰ প্ৰৱঞ্চনাৰ ঘটনাৰ সৈতে এইবাৰৰ ঘটনাত দুষ্ট চক্ৰই প্ৰদান কৰা ভুৱা ৰচিদকে আদি কৰি ভালেখিনি কথাৰ হুবহু মিল দেখিবলৈ পোৱা গৈছে।

WhatsApp Image 2019 10 31 at 12.41.16 PM | ASSAM TIMES POST
প্ৰৱঞ্চকে ব্যৱহাৰ কৰা গাড়ীখন

জানিবলৈ পোৱা মতে পুৰণি খতিয়াখলিৰ কৃষক বুবুল শইকীয়াৰ ঘৰলৈ যোগাযোগ কৰি চক্ৰটোৱে নিজকে অসম চৰকাৰৰ কৃষি বিষয়া বুলি পৰিচয় দি কৃষক গৰাকীয়ে ইতিমধ্যে যোৱা ২০১৬ চনত গাঁওসভাত পাম্পছেটৰ বাবে কৰি থোৱা আবেদন কৰ্তৃপক্ষৰ দ্বাৰা গৃহিত হৈছে আৰু কৃষকজনে লগতে ৭,৫০০ টকা নগদ দিলেই প্ৰায় ৩৫,০০০ টকা মূল্যৰ পাম্পছেটটোৰ বাকী ধন ৰেহাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে আৰু দিনটোৰ ভিতৰতে টকাখিনি জমা নিদিলে ১,৫০০ টকাৰ জৰিমনা ভৰিব লাগিব বুলি সোঁৱৰাই দিয়ে। যিহেতু ছদ্মবেশী প্ৰৱঞ্চকে বিগত ২০১৬ বৰ্ষত কৃষক বুবুল শইকীয়াই গাঁওসভাত পাম্পছেটৰ বাবে আবেদন কৰি থোৱাৰ প্ৰসংগৰ অৱতাৰণা কৰিলে, লগতে জৰিমনা ভৰাৰো সম্ভাৱনাৰ সৃষ্টি হ’ল, কৃষকগৰাকীৰ বাবে সন্দেহৰ থল নাথাকিল আৰু লগে লগেই তেওঁ ২৫ অক্টোবৰত কষ্টোপাৰ্জিত নগদ ৭,৫০০ টকা দুষ্ট চক্ৰৰ হাতত অতি আশাৰে তুলি দিলে। তাৰ পিছত মোবাইল ফোনত অ’ টি পি এটা কৃষকগৰাকীয়ে লাভ কৰাৰ কথা কৈ ছদ্মবেশী চক্ৰটো উধাও হয়। কিন্তু উক্ত তাৰিখত গোটেই দিন ধৰি কোনো ধৰণৰ মেছেজ নহাত কৃষকগৰাকীয়ে ফোন কৰিবলৈ চেষ্টা কৰোতে অধিকবাৰ নিৰ্দিষ্ট নম্বৰটোৰ চুইচ অফ বুলিহে জানিবলৈ পায়। পিছত ভুক্তভুগী কৃষক বুবুল শইকীয়াই দুষ্ট চক্ৰৰ বিৰুদ্ধে বোকাখাত আৰক্ষীত অভিযোগ দাখিল কৰিছে।

ঘটনাৰ পৰা বহুকেইটা দিশ পোহৰলৈ আহিছে। কৃষকগৰাকীয়ে পূৰ্বতে গাঁওসভাত পাম্পছেটৰ বাবে আবেদন কৰি থোৱাৰ সময় পৰ্যন্ত ৰেকৰ্ড সংগ্ৰহ কৰিছে চক্ৰটোৱে। তদুপৰি যোৱা জুলাই মাহত কমাৰগাঁৱৰ বৰপথাৰত প্ৰৱঞ্চিত কৃষক ৰেব গগৈ আৰু অক্টোবৰ মাহত খতিয়াখলিৰ প্ৰৱঞ্চিত কৃষক বুবুল শইকীয়াই ধন দিয়াৰ বিনিময়ত ভুৱা কৰ্তৃপক্ষৰ পৰা লাভ কৰা ভুৱা ৰচিদ দুখন হুবহু একে আৰু হুবহু একে হাতৰ আখৰৰ আৰ্হিৰ জনৈক পি হাজৰিকাৰ চহী সম্বলিত। দুয়োবাৰ প্ৰৱঞ্চনা কৰি লৈ যোৱা ধনৰ ৰাশিও ৭,৫০০ টকাই। প্ৰৱঞ্চনা কৰিবলৈ প্ৰসংগৰ অৱতাৰণা কৰাৰ কৌশল আৰু ধৰণো একে। গতিকে ধাৰণা কৰা হৈছে যে একেটা দুষ্ট চক্ৰই ভিন ভিন সময়ত অঞ্চলভেদে সৰল কৃষক ৰাইজক আভুৱা ভাৰি প্ৰৱঞ্চনা কৰি আহিছে। লগতে জানিব পৰা মতে প্ৰৱঞ্চকৰ দলে লৈ অহা গাড়ীখনৰ এএছ ০২ এন ২১৩৮ নম্বৰ প্লেটখনো নকল। প্ৰাথমিক পৰ্যায়ৰ তদন্তত ধৰা পৰিছে যে সেইখন দৰাচলতে এখন মটৰ বাইকৰ নম্বৰ প্লেট। লগতে জানিব পৰা গৈছে যে কিছুদিন পূৰ্বে খতিয়াখলিৰ নিকতৱৰ্তী মৰিয়াহোলা কৃষি প্ৰধান অঞ্চলৰ চাৰিগৰাকী কৃষকক অনুৰূপ ফুচুলনিৰে প্ৰৱঞ্চনা কৰাৰ চেষ্টা চলোৱা হৈছিল, কিন্তু সেই অপচেষ্টা অসফল হ’ল কৃষক কেইগৰাকীয়ে প্ৰৱঞ্চকৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে।

ৰাইজে ইয়াৰ উচিত তদন্ত দাবী কৰি দোষীক চিনাক্ত কৰি উলিয়াই চৰকাৰে উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী কৰিছে। অন্যথাই বহুজন দৰিদ্ৰ কৃষক এই চক্ৰৰ বলি হৈ নিজৰ কষ্টোপাৰ্জিত ধন হেৰুৱাই সৰ্বস্ৰান্ত হোৱাৰ পথত। চৰকাৰ, দল-সংগঠনৰ লগতে সচেতন নাগৰিকে এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে হাত উজান দিয়াৰ সময় সমাগত।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx