![]()
উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ যমুনা নৈত নাও ওলটি যোৱাৰ ফলত প্ৰাণ হেৰুৱালে ৪ জন লোকে। বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দেশ হোৱা লোকসকলক উদ্ধাৰৰ বাবে স্থানীয় জিলা প্ৰশাসনে যমুনালৈ প্ৰেৰণ কৰিছে বিশেষ উদ্ধাৰকাৰী দল।
উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ মাৰ্কাৰ পৰা ফতেহপুৰ জিলাৰ জৰৌলী ঘাটলৈ এই নাওখনেই হৈছে যোগাযোগৰ মাধ্যম। যমুনাৰ দুয়ো পাৰকে সংযোগ কৰিব পৰাকৈ কোনো পকী দলং নাই। স্থানীয় সূত্ৰ অনুসৰি বৃহস্পতিবাৰে নাওখনত আছিল ৪০ জন যাত্ৰী।
নৈৰ মাজত হঠাতে যেতিয়া নাওখন দোলা খাবলৈ ধৰিলে, তেতিয়া একাংশ যাত্ৰীয়ে আতংকিত হৈ নৈখনত জঁপিয়াই দিয়ে। ইয়াৰে ১৩ জনে সাঁতুৰিব পাৰিছিল যদিও বাকীকেইজন নদীত উটি যায়। প্ৰত্যক্ষদৰ্শীয়ে আশংকা কৰিছে যে ডুব যোৱাসকলৰ অধিকাংশই শিশু।
দুৰ্ঘটনাস্থলী চিনাক্ত কৰিবলৈ উদ্ধাৰ অভিযানত নাওখনৰ চালক দুজনৰ সৈতে উদ্ধাৰকাৰী দলটোক লৈ যোৱা হয়। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি এতিয়াও উদ্ধাৰৰ কাম চলি আছে।
ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইট কৰি দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্রীৰ সচিবালয়ৰ সূত্র অনুসৰি, উদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে কৰিবৰ বাবে ঘটনাস্থলীত উপস্থিত হʼবলৈ মুখ্যমন্ত্রীয়ে নেচনেল ছিকিউৰিটি গাৰ্ডৰ দলটোক নির্দেশ দিছে৷
নিজৰ অভিজ্ঞতা বর্ণনা কৰি নাওখনত থকা এজন যাত্রী ৰাজকৰন পাছৱানে কয়, “নৈত তীব্ৰ ঢৌ উঠিছিল৷ ঢৌৰ বাবে হঠাতে নাওখন দুলিবলৈ ধৰে। তাৰ পিছত নাওখন এফালে হেলনীয়া হৈ নাওখনত পানী উঠিবলৈ ধৰে। তেতিয়াই মই ভয়ত নদীত জঁপিয়াই পৰো।”











