
এজন ভায়েকক তেওঁৰ ভনীয়েকে ৰাখী পিন্ধোৱা এখন ছবি নেটত ভাইৰেল হৈছে।মনত আহিব পাৰে যে আশ্চৰ্যজনক কথা কি হʼল ভায়েকক ৰাখী পিন্ধোৱাত? ভাইৰেল হ’বলগীয়া কি আছে? অৱশ্যে আছে। কাৰণ জানিলে চকুলো নিগৰিব। বেদান্ত বিৰলাই ছচিয়েল মিডিয়া প্লেটফৰ্ম লিংকডইনত পোষ্ট কৰিছে এখন ছবি।
ইয়াত এগৰাকী মহিলাই এজন পুৰুষৰ সোঁহাতত ৰাখী বান্ধি থকা দেখা গৈছে। কিন্তু সেই ব্যক্তিজন নিশ্চল, এটা মূৰ্তি। জম্মু-কাশ্মীৰত যুদ্ধ কৰি শ্বহীদ হোৱা ভাৰতীয় জোৱান গণপট ৰাম কৰৱাছৰ প্ৰতিমূৰ্তি সেইটো। ৰাজস্থানৰ যোধপুৰৰ খুদিয়ালা গাঁৱত তোলা এই ফটোখন। প্ৰতিমাত ৰাখী পিন্ধাই থকা মহিলাগৰাকীৰ পৰিচয় অৱশ্যে জানিব পৰা হোৱা নাই।
অনুমান কৰা হৈছে যে তেওঁ শ্বহিদ জোৱানজনৰ ভগ্নী। এই ছবিখনে ইতিমধ্যে হাজাৰ হাজাৰ নেটিজেনৰ হৃদয় জয় কৰিছে। ৩০০০ তকৈ অধিক লাইক। ফটোখন শ্বেয়াৰ কৰি বেদান্ত বিৰলাই লিখিছে, ‘এইটোৱেই ভাৰতক অবিশ্বাস্য কৰি তুলিছে। দুখ আৰু গৌৰৱৰ এক মুহূৰ্ত। দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰাৰ বাবে ভাতৃক হেৰুওৱাৰ দুখ তেওঁৰ গৌৰৱ।’ বেদান্তই কয় যে ২০১৭ চনৰ ২৪ ছেপ্টেম্বৰত জাথ ৰেজিমেণ্টৰ এই জোৱানজন শ্বহীদ হৈছিল।











