![]()
আহত চিতাবাঘক হাতত ৰাখী পিন্ধালে এগৰাকী মহিলাই। সেই ছবিখনে এতিয়া দেশ-বিদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজস্থানৰ এখন গাঁৱৰ এই ছবিখন ইণ্টাৰনেটত দিয়ে এজন বনকৰ্মীয়ে।আহত চিতাবাঘটো ৰাজস্থানৰ এখন গাঁৱত প্ৰৱেশ কৰিছিল।
গাঁওবাসীয়ে বাঘটোক অশান্তি কৰাৰ পৰিৱৰ্তে বন বিভাগক চিতাবাঘটো চমজাই দিয়ে। কিন্তু বন বিভাগক গতাই দিয়াৰ পূৰ্বে এগৰাকী মহিলাই আহত চিতাবাঘটোৰ হাতত ৰাখী বান্ধি দিয়ে। বনকৰ্মী সুশান্ত নন্দাই টুইটাৰত লিখিছে, “যুগ যুগ ধৰি ভাৰতৰ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত নিচৰ্ত প্ৰেমৰ দ্বাৰা বান্ধ খাই আহিছে।
উক্ত ছবিখন ৰাজস্থানৰ এখন গাঁৱত দেখা গৈছিল। য’ত এগৰাকী মহিলাই চিৰপ্ৰেমৰ আদৰ্শ ৰাখি আহত চিতাবাঘটোক ৰাখী পিন্ধাই তাৰ পিছত বন বিভাগক গতাই দিয়ে।”এই ছবিখন এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈছে। ভাৰতত মানুহ আৰু বন্যজন্তুবোৰ কেনেকৈ মিলাপ্ৰীতিৰে জীয়াই থাকে তাৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে গণ্য কৰা হৈছে এইখন ছবি।
শেহতীয়াকৈ বহু ঠাইৰ পৰা খবৰ আহিছে যে যদি কোনো জন্তু গাঁওখনত হাবিৰ পৰা প্ৰৱেশ কৰে তেন্তে তাক হত্যা কৰাৰ কথা। কিন্তু ৰাজস্থানৰ এই ছবিখনে উক্ত ধাৰণাৰ বিপৰীত ছবি দেখুৱালে।











