![]()
কৰ্ণাটকৰ মাণ্ডিয়াত থকা মাদুৰৰ বৈদ্যনাথপুৰ ৰোডত পুৱা সংঘটিত এক কাণ্ডই ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছিল। এগৰাকী মাতৃয়ে মৃত্যুৰ মুখৰ পৰা যেন টানি আনিলে নিজ সন্তানক। ফনা মেলি অহা এডাল ফেঁটী সাপৰ সন্মুখৰ পৰা নিজৰ সন্তানক টানি অনা এক দৃশ্য চিচি কেমেৰাত বন্দী হয় আৰু সামাজিক মাধ্যমত ভিডিঅ’টি বহুল হাৰত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে।
কণমানি শিশুটিক লৈ মাকে স্কুললৈ থ’বলৈ যোৱাৰ সময়ত চিৰি তলৰে গৈ থকা এডাল ফেঁটী সাপৰ গাত সন্তানটিৰ খোজ পৰে আৰু সাপডালে ফনা মেলি আহে। সেই সময়তে, সাপডালৰ মুখৰ পৰা ক্ষিপ্ৰতাৰে মাকে টানি লৈ আনে সন্তানটিক।
https://fb.watch/eTuuofB_xv/
উল্লেখ্য যে, এনে এক অনুৰূপ ঘটনা কিছুদিন পূৰ্বে সংঘটিত হৈছিল মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰতো। ঘৰৰ সন্মুখত খেলি থকা এটি কণমানিক আক্ৰমণ কৰা এটা নাহৰ ফুটুকী বাঘৰ সৈতে সাহসেৰে যুঁজি কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল এগৰাকী মাতৃয়ে।










