![]()
চণ্ডীগড়ত চণ্ডীগড় বিশ্ববিদ্যালয় আৰু অন্যান্য মহাবিদ্যালয়ৰ প্ৰায় ৫,৮৮৫ গৰাকী শিক্ষাৰ্থীয়ে এনআইডি ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱ সকলৰ সহযোগত অভিলেখ সৃষ্টি কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰজুৰি আয়োজন কৰা #হৰঘৰত্ৰিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত উক্ত দলটোৱে বিশ্বৰ সৰ্ববৃহৎ জাতীয় পতাকাৰ প্ৰতিচ্ছবি মানুহৰ দ্বাৰা গঠন কৰে।
এই জাতীয় পতাকাৰ প্ৰতিচ্ছবিক সৰ্ববৃহৎ পতাকা ৰূপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিয়া হৈছে।এই সৰ্ববৃহৎ পতাকাৰ কাৰ্যসূচীত প্ৰায় ২৫ হাজাৰ লোক উপস্থিত থাকে। পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক বনৱাৰীলাল পুৰোহিত, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখি, চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকৰ উপদেষ্টা ধৰম পাল, এনআইডিৰ মুখ্য পৃষ্ঠপোষক আৰু চণ্ডীগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এছ সতনাম সিং সান্ধু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইউএইয়ে ২০১৭ চনত ৪১৩০ জন লোকৰ সৈতে ৰাষ্ট্ৰীয় পতাকাৰ সৰ্ববৃহৎ মানৱ প্ৰতিচ্ছবিৰ অভিলেখ অৰ্জন কৰিছিল। কিন্তু এইবাৰ ইউএইৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ভাৰতে।
চণ্ডীগড় বিশ্ববিদ্যালয় আৰু এনআইডি ফাউণ্ডেশ্যনৰ দ্বাৰা গঠিত বিশ্ব অভিলেখৰ সফল সৃষ্টিৰ সৈতে চণ্ডীগড়ে ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫ তম বাৰ্ষিকীত সমগ্ৰ বিশ্বক এক মহান বাৰ্তা প্ৰদান কৰিছে বুলি বনৱাৰীলাল পুৰোহিতে মন্তব্য প্ৰদান কৰে।











