![]()
ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত পৰিয়ালতন্ত্রৰ কথা পৃথককৈ দাঙি ধৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। দেশত পৰিয়ালতন্ত্রৰ প্ৰভাৱ কেৱল যে আৰু ৰাজনীতিৰ সীমাতে আবদ্ধ হৈ থকা নাই, তাকে জনাই প্রধানমন্ত্রীয়ে তীব্র আক্রমণ কৰে ‘ভাই-ভাতিজাবাদ’ক।
তেওঁ স্পষ্টভাৱে জনালে, পিতৃ-মাতৃ কিংবা পৰিয়ালৰ কল্যাণত নহয়, উৎকর্ষৰ স্বীকৃতিয়েই আধুনিক ভাৰতৰ মূল ভিত্তি হ’ব।লালকিল্লাৰ ‘ৰেমপার্ট’ৰ পৰা প্রধানমন্ত্রীয়ে কঠোৰ ভাষাৰে আক্রমণ কৰে ভাৰতৰ পৰিয়ালবাদী মানসিকতাক। তেওঁ কয়, ‘‘যেতিয়া আমি ভাই-ভাতিজাবাদ আৰু পৰিয়ালতন্ত্রৰ কথা কওঁ তেতিয়া মানুহে ভাবে আমি কেৱল ৰাজনীতিৰ কথাকে কৈছোঁ।
কিন্তু নহয়। দুর্ভাগ্যক্রমে ৰাজনীতিৰ জগতৰ এই বেয়া বস্তুটোৱে ভাৰতৰ প্রতিটো সংস্থাত পৰিয়ালতন্ত্রক বায়ু-পানী দিছে। যেতিয়ালৈকে দুর্নীতি আৰু দুর্নীতিগ্রস্তসকলৰ প্রতি ঘৃণাৰ ভাব সৃষ্টি নহয়, সামাজিকভাবে তাক ঘৃণনীয় বুলি ভাবিবলৈ বাধ্য নহয়, তেতিয়ালৈকে এই মানসিকতা শেষ নহ’ব।’’
ইয়াৰ পিছতেই মোদীয়ে পোনপটীয়াকৈ গুচি যায় ৰাজনীতিত পৰিয়ালতন্ত্রৰ প্ৰভাৱৰ প্রসঙ্গেলৈ। তেওঁ কয়, ‘‘ৰাজনীতিতো পৰিয়ালতন্ত্রৰ ফলত প্রচুৰ লোকচান হৈছে। পৰিয়ালতান্ত্রিক ৰাজনীতি পৰিয়ালৰ বাবেই কৰা হয়, ইয়াৰ সৈতে দেশৰ কোনো অৱদানৰ প্ৰসংগ নাই।’’ তাৰ পিছতেই দেশবাসীৰ ওচৰত প্রধানমন্ত্রীর আহ্বান, ‘‘আহক, ভাৰতৰ ৰাজনীতিৰ শুদ্ধকৰণ, ভাৰতৰ প্রতিটো সংস্থাৰ শুদ্ধকৰণৰ বাবে যোগ্যতাকেই মানদণ্ড ধৰি আগবাঢ়িবলৈ প্রয়াস কৰিবলৈ আৰম্ভ কৰোঁ।’’











