![]()
মঙলবাৰে পুৱতি নিশা গুৰগাঁৱৰ বিলাসপুৰত এখন মাকৈৰ বস্তা কঢ়িওৱা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এখন ইনভা বাহনৰ ওপৰত বাগৰি পৰে। নয়ডাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত দুগৰাকী মহিলা সহ ৪ জন পুৰুষ উক্ত বাহন খনত আছিল। দুৰ্ঘটনাটোত ৪ গৰাকী ব্যক্তিয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।
ইনভা গাড়ীখন উদয়পুৰৰ পৰা উভতি আহি আছিল আৰু দিল্লীৰ পৰা জয়পুৰলৈ গৈ আছিল ট্ৰাক খন। নিশা ১.৩০ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত নিহত সকল হৈছে ক্ৰমে দীপক (২৫), আদৰ্শ কুমাৰ (২৩), কুমাৰ পুজিত(২৩) আৰু মুস্কান (২৪) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত ২২ বছৰীয়া প্ৰিয়ংকা আৰু ২৭ বছৰীয়া জাছন’ৰ সিঙক সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে পৰিয়ালৰ সৈতে যোগাযোগ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজনে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।











