
নতুন দিল্লীত সংঘটিত এক নৃশংস হত্যাকাণ্ড। স্বাধীনতা দিৱসৰ নিশা কোনো দুবৃত্তই দুই পুত্ৰই কৰ্মসূত্ৰে বাহিৰলৈ যোৱাৰ সুযোগ বুজি ঘৰত প্ৰৱেশ কৰে আৰু শাহু-বোৱাৰীক হত্যা কৰি তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মজিয়াত পেলাই থয় যায়। সমগ্ৰ ঘটনাই শেহতীয়াকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, সোমবাৰে কৰ্মসূত্ৰে বিমলা দেৱীৰ দুই পুত্ৰ বাহিৰত আছিল আৰু ঘৰত আছিল শাহুৱেক বিমলা দেৱী আৰু জ্যেষ্ঠ বোৱাৰী ডলী। জানিব পৰা মতে, দুৰ্বৃত্তই ডকাইতি কাণ্ড সংঘটিত কৰাৰ বাবে ঘৰত প্ৰৱেশ কৰে আৰু চোকা অস্ত্ৰৰে শাহুৱেক-বোৱাৰীক হত্যা কৰে।
ইফালে পুৱতি নিশা দুই পুত্ৰ ঘৰলৈ উভতি আহি বহু সময় কলিং বেল বজোৱাৰ পিছতো ভিতৰৰ পৰা কোনো উত্তৰ নহাত অৱশেষত লগত থকা ঘৰৰ ছাবিৰে দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰে আৰু মজিয়াত ৰক্তাক্ত অৱস্থাত শাহু-বোৱাৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।











