ASSAM TIMES POST,ডিফুঃ কাৰ্বি আংলং জিলাৰ একমাত্ৰ বিএড কলেজৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল দ্বিগুণলৈ বৃদ্ধি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুই আজি মহাবিদ্যালয়খনৰ গেটৰ সন্মুখত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ একমাত্ৰ বিএড কলেজখনৰ প্ৰথমবৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি মাছুল আছিল ৩৫ হাজাৰ টকা আৰু দ্বিতীয় বৰ্ষৰ বাবে আছিল ২৫ হাজাৰ টকা৷
কিন্তু অতিশয় পিছপৰা জিলাখনৰ আৰু আৰ্থিকভাৱে জুৰুলা ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক দিশৰ প্ৰতি পিঠিদি বিএড কলেজ কৰ্তৃপক্ষই এইবাৰ কলেজখনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে ৬০ হাজাৰ টকাকৈ দুবছৰৰ পাঠ্যক্ৰমৰ বাবে ১,২০,০০০ টকা নিৰ্দ্ধাৰণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰি ধৰ্ণাত বহা বুলি সংগঠনটোৱে জানিবলৈ দিছে৷ এনে বৃহৎ পৰিমানৰ ধন খৰচ কৰি বিএড কলেজখনত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন কৰাটো বৰ্তমান পৰিস্থিতিত অসম্ভৱ হৈ পৰিছে৷
সেয়ে শীঘ্ৰে মাছুল বৃদ্ধি বিষয়টো বিবেচনা কৰি নুন্যতম হাৰ নকৰিলে অহা ১৫ জুলাই পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি পূৰ্বেই হুংকাৰ দি থৈছিল ছাত্ৰ সংগঠনটোৱে৷ অৱশেষত আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উচ্চ শিক্ষা বিভাগৰ ইএম জগত ছিং ইংতি, সচিব নিৰলা ফাংচ’পী আৰু বিএড কলেজৰ অধ্যক্ষাৰ মাজত এক আলোচনা অনুষ্ঠিত হয়৷ ইয়াৰ পিছতে আছুৰ নেতৃবৃন্দ শ্যামন্ত গগৈ, সৰ্জোণ হাঞ্চে আৰু এল্ড্ৰিণ ৰংপিৰ সৈতেও কৰ্তৃপক্ষৰ আলোচনা হয় ৷
আলোচনা কালত আছুৰ দাবী মানিলৈ ২০১৯-২১ বৰ্ষৰ বাবে বিএড কলেজৰ নামভৰ্তি মাছুল পূৰ্বৰ নিৰিখ অনুসৰি দুবছৰৰ পাঠ্যক্ৰমৰ বাবে ৫৫ হেজাৰ টকা বাহাল ৰাখে৷ বিভাগীয় ইএম আৰু কৰ্তৃপক্ষৰ পৰা পোৱা প্ৰতিশ্ৰুতিৰ পিছত আছুৱে আজিৰ ধৰ্ণা কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷