![]()
টুইটাৰ ব্যৱহাৰ কৰাৰ ‘অপৰাধ’ৰ বাবে ছৌডি কৰ্তৃপক্ষৰ দ্বাৰা ৩৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ‘দা গাৰ্ডিয়ান’ৰ এক প্ৰতিবেদন অনুসৰি মহিলাগৰাকীৰ নাম ছালমা আল শ্বেহাব। সমাজকৰ্মীসকলৰ টুইট ফʼল’ কৰি ৰিটুইট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় ছালমাক।
উল্লেখ্য, ব্ৰিটেইনৰ লিডছ বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছে ছালমাই। শেহতীয়াভাৱে ছুটী লৈ ঘৰলৈ উভতি আহিছে তেওঁ। তাৰ পিছত তেওঁ দেশত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি দেশৰ নিৰাপত্তা বিপন্ন কৰিবলৈ চেষ্টা কৰা লোকসকলৰ টুইটাৰ একাউণ্ট ফʼল’ কৰাৰ অভিযোগ উত্থাপন হয়। উক্ত অভিযোগৰ পিছতে ছালমাক গ্ৰেপ্তাৰ কৰা হয়।
ছালমাৰ এই কাৰ্যক ‘অপৰাধ’ বুলি অভিহিত কৰি বিশেষ সন্ত্ৰাসবাদ আদালতে প্ৰথমে ছালমাক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে যুক্তি দিয়ে যে ছালমাৰ এই কাৰ্যই দেশত ‘অশান্তিৰ পৰিবেশ’ৰ সৃষ্টি কৰিব। সোমবাৰে ৰাজহুৱা অভিযুক্তই আদালতত আবেদন জনায় যে বাকী অপৰাধমূলক কাৰ্যকলাপসমূহ এই ‘অপৰাধ’ৰ সৈতে অন্তৰ্ভুক্ত কৰা উচিত।
আদালতে এই অনুৰোধ মঞ্জুৰ কৰে। ইয়াৰ পিছতে আদালতে ছালমাক ৩৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণত আৰু ৩৪ বছৰলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।











