![]()
পুনৰ ৰাজধানী দিল্লীত মুৰ দাঙিছে নেকি কৰোনাই? শেহতীয়াভাবে এই উদ্বেগে দেখা দিছে। কিয়নো ১ আগষ্টৰ পৰা কৰোনাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা ৬০ শতাংশ বৃদ্ধি পাইছে। ৰাজধানীত দৈনিক সংক্ৰমণৰ হাৰ প্ৰায় ২০ শতাংশ। যিটো যোৱা ২০০ দিনত সৰ্বাধিক।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চিকিৎসালয়ত ভৰ্তি হোৱা ৯০ শতাংশ লোকে কোভিডৰ বুষ্টাৰ ভেকচিন গ্ৰহণ কৰা নাই।
যোৱা মঙলবাৰে দিল্লীত সৰ্বাধিক লোক চিকিৎসালয়ত ভৰ্তি হয়। উল্লেখ্য, উক্তদিনা দিল্লীত দৈনিক কৰোনা আক্ৰান্তৰ সংখ্যা আছিল ৯১৭ জন। পৰিসংখ্যা অনুসৰি ৯১৭ জন লোকৰ ভিতৰত ৫৬৩ জনক মহানগৰীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে।
ইয়াৰে ২০২ জনক আই চি ইউলৈ পঠিয়াব লগা হৈছে। সেইদিনা কৰোনা সংক্ৰমণৰ বাবে তিনিজন লোকৰ মৃত্যু হয়। অৰ্থাৎ ৬১ শতাংশ লোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগা হৈছে।
কিন্তু দৈনিক কৰোনাত আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত মঙলবাৰে চলিত মাহৰ আৰম্ভণিৰ পৰিসংখ্যাতকৈ বহু পিছ পৰি ৰৈছে। দিল্লী চৰকাৰে জাৰি কৰা পৰিসংখ্যা অনুসৰি, যোৱা ২ আগষ্টত ৰাজধানীত ১৫০৬ জন লোক কৰোনাত আক্ৰান্ত হৈছে। ৯ আগষ্টত সেই সংখ্যা আছিল ২৪৯৫ জন। এই দুয়োটা দিনতে মাত্ৰ ২০ শতাংশ আক্ৰান্ত লোককহে চিকিৎসালয়ত ভৰ্তি কৰিবলগা হৈছিল। ১৬ আগষ্টত সেই পৰিমাণ বৃদ্ধি পাই ৬১ শতাংশ হৈছে৷
সূত্ৰ অনুসৰি, দিল্লীৰ বিভিন্ন চিকিৎসালয়ত মুঠ ৯ হাজাৰ কোভিড বেড আছে। ইয়াৰে মাত্ৰ ৫০০ জনকহে ভৰ্তি কৰোৱা হৈছে। ইয়াৰ উপৰি মহানগৰীৰ বিভিন্ন চিকিৎসালয়ত প্ৰায় ১৮০০ খন আই চি ইউ বিছনাও উপলব্ধ।
আনহাতে, চৰকাৰে ৰাইজক আতংকিত নহʼবলৈ আহ্বান জনাইছে। কৰোনা প্ৰতিৰোধৰ বাবে বুষ্টাৰ টীকাকৰণ, মাস্ক পিন্ধা, শাৰীৰিক দূৰত্ব বজাই ৰখা আৰু সঘনাই হাত ধোৱা আদি কৰিবলৈ আহ্বান জনাইছে।











