![]()
প্ৰৱঞ্চকসকলে ধন সংগ্ৰহ কৰিবলৈ গোটেই ‘থানা’ খুলিলে। বিগত আঠ মাহ ধৰি বিহাৰৰ বাংকাত এনে এক নতুন ৰূপত প্ৰৱঞ্চনা চলি আছিল।
বাংকা সদৰ থানা আৰু আৰক্ষী অধীক্ষকৰ বাংলোৰ পৰা কিছু দূৰত্বত এনে এক নতুন জালিয়াতিৰ সন্ধান পোৱাৰ পিছতে বিহাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।
এটা ব্যক্তিগত অতিথিশালাৰ ভিতৰত ‘সমান্তৰাল থানা’ চলোৱাৰ অপৰাধত বুধবাৰে নিশা এগৰাকী মহিলাসহ ৫জন লোকক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি এই চক্ৰৰ আচল পাণ্ডাই পলায়ন কৰে।সূত্ৰৰ মতে, ভয় দেখুৱাই ধন দাবী কৰাৰ উপৰি সৰু সৰু গোচৰ নিষ্পত্তিৰ বাবেও প্ৰৱঞ্চকেইজনে ধন লৈছিল।











