![]()
চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ ১৭ মাইলত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত তিনিমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা উত্তৰ-প্ৰদেশৰ দম্পতীহালে অকাল মৃত্যুক আঁকোৱালি লয়।জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাৰ তালবেহাট তহচিলৰ কাকৰি গাঁৱৰ নিবাসী ৰোহিত কৌশিক আৰু মানসী নামৰ নৱ বিবাহিত দম্পতীহালে মধুচন্দ্ৰিকা যাপনৰ বাবে এখন থাৰ বাহনেৰে মানালীলৈ গৈছিল।
মানালী পাবলৈ মাত্ৰ ১১ কিলোমিটাৰ বাকী থাকোতেই বৃহস্পতিবাৰে নিশা প্ৰায় ১২.৩০ বজাত এখন বিপৰীত দিশৰ পৰাএইচপি-৬৪-৬৬৬৭ তীব্ৰে বেগী ট্ৰাকে আহি খুন্দা মাৰে আৰু দম্পতীহাল চিটিকি পৰে। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আনহাতে, এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাক চালকজনে। ট্ৰাক চালকজনে ভুল দিশেৰে আহি থকাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি পলাতক চালকজনৰ সন্ধান চলাই আছে।











