
ছত্তীশগড়ৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছৰ খুন্দাত থিতাতে নিহত হয় ৫ যুৱক।পথ দুৰ্ঘটনাত নিহত হোৱাৰ উপৰিও আন এজন আহত হয়।আৰক্ষী বিষয়াসকলে দিয়া তথ্য অনুসৰি জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩০ৰ মেটাৱাদা গাঁৱৰ ওচৰত এখন ব্যক্তিগত বাছ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত হয়।
দুৰ্ঘটনাটোত ইমানেই ভয়ংকৰ আছিল যে বাহন খনত অহা ৬ জন যুৱকৰ ভিতৰত ৪ জন যুৱক থিতাতে নিহত হয়।প্ৰাপ্ত তথ্য অনুসৰি বাছখন ৰায়পুৰৰ পৰা জগদলপুৰ চহৰঅভিমুখে ৰাওনা হৈছিল ।বাছখনত ৩৫ জন যাত্ৰী আছিল। অৱশ্যে বাছখনৰ কোনো যাত্ৰী আহত হোৱা নাই।
বাছ খনৰ চালক জনৰ টোপনি অহাত বাছখনে একুৱা বাহনখনত গৈ খুন্দা মাৰে। দুৰ্ঘটনাটোৰ লগে লগে বাছৰ চালক জন পলায়ন কৰে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে খবৰ পোৱাত তাত উপস্থিত হয় আৰু ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে।











