![]()
মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডক বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা সিদ্ধান্তক উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছে। কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা জনস্বাৰ্থৰ গোচৰ শনিবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।
উল্লেখ্য, ডেৰ বছৰ পূৰ্বে কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই গুজৰাটৰ জামনগৰত ৰিলায়েন্সৰ তেল শোধনাগাৰৰ সমীপত প্ৰায় ২৮০ একৰ মাটিত বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা নিৰ্মাণৰ অনুমতি দিছিল। ইতিমধ্যে কাম আৰম্ভ হৈছে। কিন্তু পৰিৱেশবিদৰ এটা দলে এই বিষয়ত আপত্তি দৰ্শায়। নিয়ম উলংঘা কৰি এটা ব্যক্তিগত উদ্যোগক চিৰিয়াখানা নিৰ্মাণ আৰু বন্যপ্ৰাণী সংগ্ৰহ কৰিবলৈ কিয় অনুমতি দিয়া হʼল বুলি প্ৰশ্ন কৰি তেওঁলোকে জনস্বাৰ্থৰ গোচৰ ৰুজু কৰে।
ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে শনিবাৰে খাৰিজ কৰে আবেদন। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আম্বানী গ্ৰুপে প্ৰস্তাৱ কৰা ‘গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ’ স্বীকৃতিপ্ৰাপ্ত চিৰিয়াখানাৰ লগতে পশু উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰৰ ভূমিকাও পালন কৰিব। ফলস্বৰূপে এই গোচৰত বিৰোধিতা ভিত্তিহীন।
চিৰিয়াখানাৰ বন্যপ্ৰাণীৰ যত্নৰ ক্ষেত্ৰত আম্বানী গ্রুপৰ চৰকাৰী নিয়ন্ত্ৰণৰ অভাৱত আবেদনকাৰীৰ অধিবক্তাই উদ্বেগ প্ৰকাশ কৰে। তদুপৰি তেওঁ বন্যপ্ৰাণী ব্যৱসায়ক লৈ উদ্বেগ প্ৰকাশ কৰে। সেই আশংকা দূৰ কৰি দুজন ন্যায়াধীশৰ বিচাৰপীঠে কয়, “আবেদনকাৰীজন এই ক্ষেত্ৰত বিশেষজ্ঞ নহয়।”
উল্লেখ্য, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ তথ্য অনুসৰি জামনগৰৰ চিৰিয়াখানাখনত থাকিব এশৰো অধিক প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু সৰীসৃপ। মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত এই প্ৰকল্প ৰূপায়ণৰ দায়িত্বত আছে। ২০২৩ চনৰ শেষৰ ফালে ‘গ্ৰীনছ জʼলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ’ নিৰ্মাণ হʼব বুলি মুকেশৰ সংগঠনটো আশাবাদী।











