![]()
ডিফু আজি পুৱতি নিশা প্ৰায়২-১৫ মান বজাত ডিফুৰ সমীপৰ বিৰলাৰ হোটেল হেম্পীৰ ওচৰত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন গুৰতৰ ভাবে আহত হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি ডিফু-মাঞ্জা পথেৰে AS01 FE 6431 KIA SALTOES বাহনখনে ডিফু দিশে আহি থকা অৱস্থাত একে দিশে আহি থকা AS09H 6269 পঞ্জীয়ন নম্বৰৰ স্কুটীখনক পিছফালৰ পৰা খুন্দিয়াই নিয়াৰ ফলত স্কুটীখনৰ চালক ডিফু ৰংমিলি নিৱাসী দেৱেন ৰংপিৰ পুত্ৰ জন ৰংপি (২৮) থিতাতে নিহত হোৱাৰ বিপৰীতে স্কুটীখনৰ পিছফালে বহি থকা আৰোহী ডিফু ৰেংমা কলনিৰ চুনিল কেওট গুৰুতৰ ভাবে জখম হয়। উন্নত চিকিতসাৰ বাবে কেওটক গুৱাহাটী চিকিতসা মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰা হৈছে।













