![]()
পোখৰাণ মৰুভূমিত থলুৱাভাৱে নিৰ্মিত বহু বেৰেল ৰকেট লঞ্চাৰ পিনাকাৰ সফলতাৰে পৰীক্ষা কৰা হয়। ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা প্ৰতিৰক্ষা গৱেষণা (DRDO)ৰ মতে, বুধবাৰে বিয়লি Mk-1 সংস্কৰণে ভাৰতীয় সেনাৰ পৰ্যবেক্ষণত সফলতাৰে লক্ষ্য চিনাক্ত কৰি ধ্বংস কৰাত সফল হয় ।
নতুন পিনাকাৰ সফল পৰীক্ষাৰ ভিডিঅʼও মুকলি কৰিছে DRDO-এ। কাৰ্গিল যুদ্ধত ব্যৱহাৰ কৰা পিনাকাৰ প্ৰথম সংস্কৰণৰ দৈৰ্ঘ্য আছিল ৪০ কিলোমিটাৰ। বৰ্ধিত ৰেঞ্জ পিনাকাৰে ৭৫ কিলোমিটাৰ দূৰত্বত লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। অতিৰিক্ত বিস্ফোৰক কঢ়িয়াই নিয়াৰ উপৰি আৰু ‘লেজাৰ গাইডেড প্ৰযুক্তি’ৰ সহায়ত এই ৰকেটটোৱে অধিক নিখুঁতভাৱে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম।
কাৰ্গিল যুদ্ধত সফল হোৱা পিনাকাই ৪৪ ছেকেণ্ডত একেলগে ৭২টা ৰকেট নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি নতুন মডেলটোত সেই হাৰ বৃদ্ধি পাইছে। ইতিমধ্যে DRDO-ই MK-২ নামৰ পিনাকাৰ শেহতীয়া সংস্কৰণটো পৰীক্ষা আৰম্ভ কৰিছে। সেই পিনাকাৰ এক সফল পৰীক্ষাও এপ্ৰিল মাহত হৈছে।











