![]()
মুম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইউ ডি ছালভিয়ে বিলকিছ বানোৰ ধৰ্ষণকাৰীক মুকলি কৰি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে। তেৱেঁই সেই ১১ জন অপৰাধীক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। আৰু আজি উচ্চতম ন্যায়ালয়ে জনাইছে যে গুজৰাট চৰকাৰে অপৰাধীক মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ ইচ্ছুক।
বিভিন্ন লোকৰ অনুৰোধ শুনি মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠে এই সিদ্ধান্ত ঘোষণা কৰে।উল্লেখ্য, যোৱা ১৫ আগষ্টত দেশৰ স্বাধীনতা দিৱসৰ দিনা গুজৰাট চৰকাৰে এটা পৰিয়ালৰ ৭ জন সদস্যক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ১১ জন লোকক মুকলি কৰি দিয়ে। অপৰাধীক কেৱল ফুলেৰে আদৰি লোৱাই নহয়, বিজেপিৰ এজন বিধায়কে ব্ৰাহ্মণ পৰিচয় দেখুৱাই সংস্কাৰক বুলি অভিহিত কৰে।
সমগ্ৰ বিষয়টোত ক্ষুব্ধ হৈ মুম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ছালভিয়ে কয়, “যিজনে সিদ্ধান্ত লৈছে (তেওঁলোকক মুকলি কৰি দিয়াৰ), মই ভাবো যে ইয়াৰ ওপৰত পুনৰ বিবেচনা কৰা উচিত। কিন্তু পিছত চৰকাৰে কি ভাবিছিল সেয়া এটা প্ৰশ্ন। মই কওঁ, মই মুক্তিৰ বিষয়ে একো নাজানিছিলো। তদুপৰি এই ঘটনাৰ তদন্ত কৰিছিল চিবিআইয়ে।
এনেবোৰ বিষয়ত আগবাঢ়ি যাবলৈ ৰাজ্য চৰকাৰে কেন্দ্রৰ পৰামৰ্শ লʼব লাগে৷ সেইটো কৰা হৈছেনে নাই নাজানো। আৰু যদি সেয়া হৈছে, তেন্তে কেন্দ্রীয় চৰকাৰৰ স্থিতি কি?” প্রাক্তন ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰি কয়- “অপৰাধীক মুকলি কৰি দিয়াৰ অধিকাৰ চৰকাৰৰ আছে৷ কিন্তু সেই সিদ্ধান্ত লোৱাৰ আগতে আপুনি সকলো দিশ বিবেচনা কৰিব লাগিব। তেওঁলোকে (গুজৰাট চৰকাৰে) এই সকলোবোৰ চাইছেনে নাই নাজানো।”
উক্ত ১১ জন অপৰাধীক কেনেদৰে গ্ৰহণ কৰা হৈছিল সেই বিষয়েও প্ৰাক্তন ন্যায়াধীশ ছালভিয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁৰ ভাষাত “এয়া একেবাৰেই ঠিক নহয়। আনকি কিছুমানে ভাবিছে, এইবোৰ হিন্দু ধৰ্মৰ অংশ, এইবোৰ ব্ৰাহ্মণ- এনে চিন্তাধাৰা গ্ৰহণযোগ্য নহয়।” মুম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে যুক্তি দিয়ে যে ১১ জন দোষীক মুকলি কৰি দিয়াৰ পূৰ্বে বিলকিছ বানোৰ পৰিয়ালৰ কথা চিন্তা কৰা উচিত আছিল।
কাৰণ তেওঁলোকক অত্যাচাৰ কৰা হৈছে। প্ৰাক্তন ন্যায়াধীশ ছালভিৰ ভাষাত, “মুক্তি দিয়া অপৰাধীয়ে ক্ষমা বিচাৰিছেনে? কিন্তু তেওঁলোকক মালা পিন্ধোৱা হ’ল। অপৰাধটোৰ বাবে তেওঁলোকৰ যেন কোনো অনুশোচনা নাই।”
ধৰ্ষণকাৰীক শাস্তি দিয়া একেজন ন্যায়াধীশৰ বিৰুদ্ধে বিলকিছ বানোৰ ৰাজহুৱা প্ৰতিক্ৰিয়াত অস্বস্তিত পৰিছে গুজৰাট চৰকাৰ। ইফালে আজি উচ্চতম ন্যায়ালয়েও ঘোষণা কৰে যে অপৰাধীকেইটাক মুকলি কৰি দিয়াৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি হʼব। আজি পুৱা মুখ্য ন্যায়াধীশৰ আদালতত উত্থাপন কৰে অধিবক্তা অপৰ্ণা ভট্টই। তেওঁ কাইলৈ বিষয়টো শুনানি দিবলৈ অনুৰোধ জনায়। মুখ্য
ন্যায়াধীশগৰাকীয়ে বিষয়টো শুনানিৰ বাবে সন্মত হয়। তেওঁ অধিবক্তা কপিল ছিব্বলক প্ৰশ্ন কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত গুজৰাট চৰকাৰে অপৰাধীকেইটাক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে নেকি? ছিব্বলে কয় যে উচ্চতম ন্যায়ালয়ে চৰকাৰক বিষয়টো চোৱাৰ সুযোগ দিছে৷ ন্যায়াধীশ অজয় ৰস্তোগীৰ আদালতে সেই নিৰ্দেশ দিছিল।
ইয়াৰ পিছত ছিব্বলে মুখ্য ন্যায়াধীশক কয় যে আমি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিষয়ে একো কোৱা নাই, আমি অপৰাধীক মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ ওপৰত আপত্তি কৰিছো।
উল্লেখ্য, বিলকিছ বানোৰ ধৰ্ষণকাৰীক মুকলি কৰি দিয়াৰ বিৰোধিতা কৰি চিপিএম নেতা সুভাসিনী আলী, তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ, সাংবাদিক ৰেৱন্তী লাল, অধ্যাপিকা ৰূপৰেখা বৰ্মাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তেলেংগানা বিধানসভাৰ সদস্য তথা টি আৰ এছ নেতা কে কবিতাইও মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।











