![]()
যোৱা 8 মে’ত ডেনগাঁৱত অনুষ্ঠিত হোৱা অধিৱেশনত গঠন হোৱা কাৰ্বি আংলং জিলা কৰ্মচাৰী পৰিষদৰ কাৰ্যকৰী সমিতিখনে আজি শপত গ্ৰহণ কৰে। এই উদ্দেশ্যে আজি ডিফুৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত কৰ্মচাৰী সন্থাৰ সভাপতি -সম্পাদক ক্ৰমে ৰুহুল আমিন আৰু প্ৰবীণ হাঞ্চেকে ধৰি অন্যান্য বিষয়ববীয়াসকলে শপত গ্ৰহণ কৰে।
অধিবক্তা ৰবিনচন হাঞ্চেই নৱ নিৰ্বাচিত সমিতিখনক শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য, নৱ গঠিত কাৰ্যনিৰ্বাহক সমিতিখনৰ সভাপতি হিচাপে ৰুহুল আমিন আৰু সাধাৰণ সম্পাদক হিচাপে প্ৰবীণ হাঞ্চে শপত বাক্য পাঠ কৰে আৰু দায়িত্বভাৰ গ্ৰহণ কৰে ।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সভাপতি ৰুহুল আমিন কয়যে, অহা ২৭ আৰু২৮ এপ্ৰিলত শিলচৰত হবলগীয়া সদৌ অসম কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনত কাৰ্বি আংলং কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা ১৫ জনীয়া প্ৰতিনিধিৰ দলে উক্ত অধিৱশনত অংশ গ্ৰহণ কৰাৰ বাবে ২৬ আগষ্টত ডিফুৰ পৰা ৰাওনা হব , আৰু ২৭ আগষ্টত শিলচৰত উপস্থিত হৈ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিব বুলি জানিবলৈ দিয়ে ।













