![]()
পেগাছাছ কাণ্ডত গঠিত বিশেষ তদন্তকাৰী দলে দাখিল কৰা প্ৰতিবেদনৰ বিবৃতি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। বুধবাৰে তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠে কয় যে ২৯ টা ফোন পৰীক্ষা কৰাৰ পিছত ৫ টা ‘মালৱেৰ’ সংক্ৰমণ চিনাক্ত কৰা হৈছে।
কিন্তু মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে এইবোৰ বেয়া উদ্দেশ্যে বাবে ব্যৱহাৰ কৰা হৈছেনে নাই সেয়া প্ৰতিবেদনত নিশ্চিতভাৱে একো কোৱা হোৱা নাই।ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা কমিটীৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে তদন্তত সহযোগিতা কৰা নাছিল।
বৃহস্পতিবাৰে গোচৰৰ শুনানিৰ সময়ত তদন্ত সমিতিৰ এই পৰ্যবেক্ষণৰ বিষয়ে স্বয়ং মুখ্য ন্যায়াধীশ ৰমনাই অৱগত কৰে। ফলত ইজৰাইলী চোৰাংচোৱা ব্যৱহাৰ কৰি বিৰোধী নেতাকে ধৰি বিভিন্ন বিশিষ্ট লোকৰ ফোন টেপ কৰাৰ অভিযোগৰ এই প্ৰতিবেদনে মোদী চৰকাৰক সম্পূৰ্ণ ‘ক্লিন শ্বীট’ প্ৰদান কৰা নাছিল বুলি বিবেচনা কৰা হৈছে।
উল্লেখ্য, যোৱা বছৰৰ ২৭ অক্টোবৰত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে পেগাছাছ গোচৰৰ তদন্তৰ বাবে তিনিজনীয়া কমিটি গঠন কৰাৰ কথা ঘোষণা কৰিছিল। লগতে প্ৰাক্তন ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ নেতৃত্বত গঠিত কমিটীখনত দুজন চাইবাৰ বিশেষজ্ঞ থাকিব বুলিও নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
প্ৰথম অৱস্থাত প্ৰতিবেদন দাখিল কৰিবলৈ আঠ সপ্তাহ সময় দিয়া হৈছিল যদিও পিছত বৃদ্ধি কৰা হয়।প্ৰাক্তন ন্যায়াধীশ আৰু দুজন চাইবাৰ প্ৰযুক্তি বিশেষজ্ঞৰে গঠিত এখন কমিটীৰ পৰামৰ্শৰ পিছতে উচ্চতম ন্যায়ালয়ে কয় যে চাৰি সপ্তাহৰ পিছত পুনৰ শুনানি গ্ৰহণ কৰা হʼব।
উল্লেখ্য, শুকুৰবাৰে অৱসৰ লʼব মুখ্য ন্যায়াধীশ ৰমনাই।
ফলত পৰৱৰ্তী শুনানিৰ পূৰ্বে ন্যায়াধীশ সূৰ্য কামত আৰু ন্যায়াধীশ হিমা কোহলীৰ লগতে অন্য কোনো ন্যায়াধীশক বিচাৰপীঠত অন্তৰ্ভুক্ত হʼব পাৰে।বিশদ তদন্ত প্ৰতিবেদন তিনিটা ভাগত বিভক্ত কৰা হৈছে। ইয়াত চাইবাৰ প্ৰযুক্তিৰ বিষয়সমূহৰ লগতে আইনী ব্যাখ্যাও অন্তৰ্ভুক্ত কৰা হৈছে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। লগতে জনোৱা হৈছে যে এই প্ৰতিবেদন ৱেবছাইটত আপলোড কৰা হʼব।











