
বেগ বা বাকচত নহয়, পেটত ৪৪ টা ড্ৰাগছ কেপচুল লৈ ভাৰতলৈ আহিছিল এজন ব্ৰাজিলৰ যুৱক। কলকাতা বিমানবন্দৰত হঠাতে তেওঁৰ পেটৰ বিষ হʼবলৈ ধৰে। অসুস্থ বিদেশীজনক এছ এছ কে এম হাস্পতাললৈ নিয়া হয়। তাত চিকিৎসাৰ অন্তত চিকিৎসকে যুৱকজনৰ মলৰ পৰা ৪৪ টা ড্ৰাগছ কেপচুল উদ্ধাৰ কৰে। ইয়াৰে এটাৰ ওজন ১২ৰ পৰা ১৪ গ্ৰাম। কেপচুলৰ ভিতৰৰ পৰা প্ৰায় আধা কিলোগ্ৰাম কোকেইন উদ্ধাৰ কৰে আৰক্ষীয়ে।
১২ আগষ্টত ব্ৰাজিলৰ পৰা ডুবাই হৈ কলকাতা বিমানবন্দৰত অৱতৰণ কৰে পাউলো চেজাৰ পিনহেইৰো বাষ্টোছে। ৩১ বছৰীয়া ব্ৰাজিলৰ নাগৰিকজনক বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে। তেওঁলোকে সন্দেহ কৰে যে পাউলোৱে চোৰাং কেপচুলবোৰ গিলি পেলাইছে।
পিছত যেতিয়া পাওলোৱে পেটৰ বিষৰ অভিযোগ কৰে তেতিয়া তেওঁক প্ৰথমে কলকাতা বিমানবন্দৰৰ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ আৰু পিছত এছ এছ কে এমলৈ নিয়া হয়, যʼত চিকিৎসাৰ পিছত এছ এছ কে এমৰ চিকিৎসকসকলে পাওলোৰ শৰীৰৰ পৰা ড্ৰাগছ-কেপচুল উদ্ধাৰ কৰে।
ড্ৰাগছ কণ্ট্ৰ’ল এজেন্সীৰ হৈ এক বিবৃতিযোগে এই ঘটনা সন্দৰ্ভত অৱগত কৰে। কোৱা হৈছে যে ব্যক্তিগত চিকিৎসালয়খনৰ এক্স-ৰেত পাউলোৰ শৰীৰৰ ভিতৰত সেই কেপচুলবোৰ দেখা যায়। পিছলৈ পাওলোক এছ এছ কে এম হাস্পতাললৈ নিয়া হয় যেতিয়া তেওঁৰ বিভিন্ন লক্ষণ আৰু একাধিক সমস্যাৰ সৃষ্টি হয়। তাত তেওঁক ঔষধ দি শৌচেৰে বাহিৰ কৰি অনা হয় কেপচুলবিলাক। ইয়াৰ পিছত নিচাযুক্ত দ্ৰব্যৰ ৪৪টা কেপচুলৰ ভিতৰত ৪৯৭ গ্ৰাম কোকেইন আছিল।
প্ৰাথমিক তদন্তৰ পিছত ড্ৰাগছ নিয়ন্ত্ৰণ সংস্থাটোৱে জনোৱা মতে, পাউলো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ কাৰ্টেলৰ সৈতে জড়িত হʼব পাৰে। একে সময়তে তেওঁলোকে নিশ্চিত যে পাউলোৰ শৰীৰত পোৱা আধা কিলোগ্ৰাম কোকেইন ভাৰতৰ কিছুমান বিশেষ ক্ৰেতাৰ বাবে অনা হৈছিল। কিন্তু নাৰ্কটিকছ কণ্ট্ৰʼল ব্যুৰোৱে সমগ্ৰ বিষয়টো অধিক বিশদভাৱে তদন্ত কৰি আছে, কʼৰ পৰা, কেনেকৈ আৰু কাৰ বাবে ড্ৰাগছ লৈ কলকাতালৈ আহিছিল সৰবৰাহকাৰীজন।
সূত্ৰ অনুসৰি, ইতিমধ্যে পাওলোক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। শুকুৰবাৰে তেওঁক বৰাছাট আদালতত হাজিৰ কৰা হয়। এক বিবৃতিত ড্ৰাগছ কণ্ট্ৰ’ল এজেন্সীয়ে ব্যক্তিগত চিকিৎসালয়খনৰ চিকিৎসক আৰু এছ এছ কে এমক বিশেষ ধন্যবাদ প্ৰদান কৰে। তেওঁলোকে কয়, চিকিৎসকসকলৰ অক্লান্ত কামৰ বাবে তেওঁলোক কৃতজ্ঞ। তেওঁলোকৰ সহায় অবিহনে এই গোচৰত গোচৰীয়াসকলে বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিলেহেঁতেন।











